পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ঊষা-হৰণ।

দ্বাৰীক বুলিলা গৈয়া কহা কুমাৰক।
কৃষ্ণৰ আদেশে লাগে তথাক যাইবাক॥৪১
প্ৰিয়বাক্যে দ্বাৰী গৈয়া বুলিলা বচন।
বুলিলা কুমাৰে দূত আনা বিদ্যমান॥
আনিলন্ত দ্বাৰী গৈয়া দূতক তেখন।
কুমাৰে দূতক হেন বুলিলা বচন॥৪২॥
কহিয়োক দূত বহু স্বৰূপ উত্তৰ।
কুশলে কি আছে পিতামহ দামোদৰ॥
আন যত বন্ধু কিবা আছয় কুশলে।
কি কাৰণে আজ্ঞা মোক কৰিলা গোপালে॥৪৩
কুমাৰৰ বাণী শুনি দূতে প্ৰণমিয়া।
হাতযোড়ে কহে দেৱ শুনা মন দিয়া॥
গোবিন্দকে আদি কৰি আন বন্ধু যত।
কুশলে আছন্ত সবে জানা স্বৰূপত॥৪৪
মোহোক আদেশ প্ৰভু কৰিলা অবশ্যে।
যাইবাক লাগয় দেৱহৰিৰ আদেশে।
এহি বুলি দূতে গৈয়া কহিলা বিশেষ।
শুনি কুমাৰৰ ভৈলা পৰম হৰিষ॥৪৫
দ্বাৰীক ডাকিয়া বোলে কৰাহা সম্ভাৰ।
যাইবাক লাগব আদেশত গোবিন্দৰ॥