পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঊষা-হৰণ
অনিৰুদ্ধৰ ওচৰলৈ শ্ৰীকৃষ্ণৰ দূত প্ৰেৰণ।
 
পদ।

মুনিৰ মুখত শুনি ঊষাৰ চৰিত্ৰ।
মদনে আকুল ভৈলা কানাইৰ চিত্ত॥৩৭॥
গুণন্ত গোবিন্দ নাৰায়ণ কৃষ্ণ হৰি।
কোননো উপায়ে দেখো ঊষা যে সুন্দৰী॥
ওষ্ঠ কণ্ঠ জিহ্বা তালু শুকাইলা অধৰ।
অন্ন পানী নুৰুচয় পায়া কাম শৰ॥৩৮
ঊষা দৰশন পাইব কমন উপায়
দেখিলে বহয় প্ৰাণ নেদেখিলে নয়॥
হৈন মনে গুণিয়া ঊষাক কৈলা সাৰ।
হৃদয়ত সম্পজিলা মদন দুৰ্ব্বাৰ॥৩৯
দূত এক আনিয়া বোলন্ত নাৰায়ণে।
এতিক্ষণে যোৱা মোৰ নাতিৰ ভবনে॥
মোহোৰ আদেশে গৈয়া শীঘ্ৰে আনা তাক।
শীঘ্ৰে চলা নালাগে বিলম্ব কৰিবাক॥৪০
হেন শুনি দূত চলি গৈলা তেতিক্ষণে।
কুমাৰৰ আবাসক পাইলা সেহিক্ষণে॥