পৃষ্ঠা:উদ্যোগপৰ্ব্ব.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
উদ্যোগ পর্ব্ব।

বস্ত্ৰ ধৰি বিছিল সঞ্জয় সুস্থ ভৈল।
পুনৰপি ধৃতৰাষ্ট্ৰ পুছিবাক লৈল॥
পুত্ৰতো অধিক স্নেহ তোত শত গুণে।
কি দেখিলি সঞ্জয় বিকল কি কাৰণে॥৫৭
সঞ্জয় বদতি শুনিয়োক নৃপবৰ।
অৰ্জ্জুনৰ গৃহত দেখিলো দামোদৰ॥
তাহাক সুমৰি মোৰ ৰোমাঞ্চ শৰীৰ।
বিচিত্ৰ সুন্দৰ ধনঞ্জয়ৰ মন্দিৰ॥৫৮
হীৰা মৰকত যত মানিক বাখৰে।
ফটিকৰ স্তম্ভ শাৰি শাৰি জিকি পাৰে॥
মানিক প্ৰদীপ চয় প্ৰকাশয় আতি।
তাহাৰ প্ৰকাশে নাজানিয়া দিন ৰাতি॥৫৯
থানে থানে পাৰিজাত মালতীৰ কুল।
দামে দামে থৈয়া আছে গুতিমালি ফুল॥
ধীৰে ধীৰে সুগন্ধ শীতল বায়ু ৰহে।
কুন্দ্ৰাক্ষৰ জালায়ে অগৰু ধুম্ৰ বহে॥ ৬০
ধুম্ৰক দেখিয়া ময়ূৰেও মেঘ বুলি।
গৃহত পৰিয়া নাচে পুচ্ছ তুলি তুলি॥
নকুল সহদেৱ অভিমন্যু আদি যত।
সাত্যকিও যাইবাক নপাৰে তহিত॥৬১