পৃষ্ঠা:উজুপাঠ- বলদেৱ মহন্ত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গাই দামুৰীক কিছু, খেড় বন দিয়া;
নকৰে শুশ্ৰুষা একো, স্বাৰ্থপৰ হিয়া।
দেশান্তৰে গোবৎসাদি, বড় সুখে থাকে;
অতি অনাদৰ কৰে, অসমীয়া লোকে।
ল'ৰা বুড়া যিটো অন্য, কামে পটু নয়;
আমাৰ দেশত সেয়ে, গৰখীয়া হয়।
অকৰ্মণ্য ভগা ঘৰ, যি থাকে বাড়ীৰ;
গৰুৰ জানিবা সিটি, শয়নমন্দিৰ।
চাৰিপাশে ভিতৰতো, চৌৰাশি নৰক;
তাতে শাস্তি কৰে যেনে, যমে পাপিষ্ঠক।
আবেলী হলেহে গৰু, মেলিবৰ ৰীতি;
তুৰি মুৰি কৰিলে, কোবতে ছিঙ্গে পিঠি।
টকলা পথাৰে ঘাঁহ, যি কেদালি পায়;
প্ৰাণ ৰাখি থাকে গৰু, তাকে মাত্ৰ খায়।
নিৰীহ ও শিষ্টাচাৰী, বলদ বিলাকে;
প্ৰাণপণে নাঙ্গল, শকট টানি থাকে।
নাই পৰিবাৰ পুত্ৰ, নাই কন্যা নাতি;
পৰৰ কাৰণে শ্ৰম, কৰি থাকে আতি।
নাই নাই অকৃতজ্ঞ, সি লোকত পৰে;
গৰু ভালে ৰাখিবলৈ, যত্ন যি নকৰে।

—————