আমি কি কৰিম কোৱা? আমি কিবা ঘৰত ক্লাচ খুলিম নে? সেইকাৰণেই মই কওঁ বুইছা, গুণ নাথাকিলে ( এইবোৰেইহে গুণ! ) সহজেই মেনেইজ কৰি ল'ব পাৰি। কিন্তু কুৰূপা হ’লে কি কৰিবা বাৰু? কমাৰশালত বি তো ধুনীয়া কৰি ল'ব নোৱাৰি! আচলতে বাস্তব ক্ষেত্ৰত ধুনীয়াটোহে চাব লাগে নহ’লে ল’ৰাক বন্ধনত ৰখাও দিগ্দাৰী। পিচত আমাক হে দূষিব!!’ ননদ, জেশাহু আন্ কি দেওৰেকহঁতৰো মন্তব্য প্ৰায় তেনেকুৱাই। ‘সুন্দৰ মুখৰ জয় সৰ্বত্ৰ’। আপুনি যদি যুক্তি দেখুৱাবলৈ যায় বোলে – ৰূপে মানুহক সুন্দৰ নকৰে; আচাৰ - ব্যৱহাৰ, সৎ শান্ত স্বভাৱেহে ছোৱালী ধুনীয়া কৰে। কেলেই ‘ধুনীয়া হাত কাৰ’ সাধুটো জানো............। আপোনাক কথাটো শেষ কৰিবলৈকে নিদিব। আধুনিক ভাবী শাহুগৰাকীয়ে লগে লগেই ক'ব ⸺ ‘এঃ থোৱা, থোৱা। সেইবোৰ সাধুহে। সাধু সাধুৱেই। আপুনিয়েই কওক- চোন বাৰু—জোৰোণ পিন্ধাবলৈ গৈ লাহি, কোমল, ধুনীয়া হাত দুখন ভাল লাগিব নে বাচন – বৰ্তন ধুই কাম কৰি কৰি খহটা হৈ যোৱা হাতখন ভাল লাগিব? আজিকালিৰ ল'ৰাইও তেনেকুৱা ছোৱালীহে পছন্দ কৰে, লাগে কাম.. নাজানকেই।’ এতিয়াও ক’বনে? ৰূপে একো নকৰে বুলি?
অফিচ - কোম্পানীবিলাকতো আন ঠাইলৈ ‘প্ৰতিনিধি’ পঠাবলৈ ধুনীয়া ধুনীয়া ল'ৰা বা ছোৱালী কৰ্মচাৰীহে বাচে। গুণ খিনি গৌণ। ‘বছ’ হবলৈও চেহেৰা লাগে। ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ইন্দিৰাকহে বিদেশত শুৱায় বুলি ৰূপৰ প্ৰশংসা একমুখে সকলোৱে কৰে।
গুণৰ মোল নথকা নহয়। আছে। কিন্তু ঠাই বিশেষে। বীণা, শব্দ আৰু তিৰুতাৰ গুণাগুণ হেনো নিৰ্ভৰ কৰে — ব্যৱহাৰ কৰোঁতাজনৰ ওপৰতহে। কথাষাৰ সঁচাকৈয়ে সঁচা। এঘৰৰ এগৰাকী বোৱাৰীক দেখিছিলো— দেখিবলৈ বিশেষ ধুনীয়া নহয় যদিও ৰন্ধা - বঢ়া, পিঠা-পনা কৰা, বোৱা - কটা
(৩)