দেখিলে এতিয়া, ৰূপে কি কৰে? বিয়া কৰাবলৈ ওলোৱা ডেকা সকলকো মন কৰিবচোন – নিজে দেখিবলৈ যেনেকুৱাই নহওক, ছোৱালী বিচাৰোতে ‘ধুনীয়া হ'ব লাগিব হ’লে’ বুলি ক’বই। অৱশ্যে ‘ধুনীয়া’ৰো সংজ্ঞা বেলেগ বেলেগ। কোনোবাই গঢ়ে পিতে ধুনীয়া বিচাৰে, কাৰোবাৰ বাবে গা-ৰ বৰণটো বগা হ'লেই ধুনীয়া হয়, কাৰোবাৰ আক’ ধুনীয়া ফিগাৰ মানে আধুনিক ফেশ্যনত চুলি কটা, চেলাউৰি প্লাক কৰা, মেনিকিওৰ, পেডিকিওৰ কৰি নেইল পলিচ লগোৱা নখ আৰু অশালীন হ'লেও লেটেষ্ট ষ্টাইলত সাজ-সজ্জা কৰাকে ধুনীয়া আৰু ‘ভাল ছোৱালী’ৰ লেখত পৰে। মুঠতে ৰূপ লাগে—বন্ধুমহলত আলোড়ন তুলিবলৈ, সকলোৰে মুগ্ধ দৃষ্টিৰ আগেৰে স্কুটাৰত বা গাড়ীত কাষত বহুৱাই নিবলৈ। ‘সুখী’ হোৱাৰো মানে তাতেই দেখে। এতিয়াও ক’বনে ৰূপে কি কৰে বুলি?
এগৰাকী অতি আধুনিকা ন-কৈ হ'ব খোজা শাহুৰ কথাতহে বৰ আমোদ পালো। তেখেতে ক’লে ‘ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে বুলি লোকক ক'বলৈহে ভাল বুইছা। মানে এটা সান্ত্বনাৰ বাণীৰ দৰে। আচলতে বোৱাৰীজনী খুব ধুনীয়া হ’লে মনটো যে ৰঞ্জিত ৰঞ্জিত লাগেই, গৰ্বও হয়। একপ্ৰকাৰ চশ্যিয়েল ষ্টেটাচও বাঢ়ে। গুণ মানে নো কি আৰু! এই ৰন্ধা-বঢ়া জনা, চিলাই-তিলাই জনা এইবোৰহে আৰু!! ৰন্ধা-বঢ়া কৰিবলৈ কাঞ্চা-তাঞা থাকেই। ঘৰ- বাৰী পৰিষ্কাৰকৈ ৰাখিবলৈ, কাপোৰ-কানি ধুবলৈ, ‘বাই’ ‘ঝী’ থাকেই। আৰু চিলাই-তিলাইবোৰ কৰাৰনো কি দৰকাৰ? দোকানত ৰেডিমে’ড কি ধুনীয়া ধুনীয়া চেট-বোৰ পায়!! ঘৰ সজোৱা দেশ-বিদেশৰ নানান বস্তুৰে বজাৰ ঠাহ খাই আছে। আনি সজালেহিয়েই হয়। খোৱা-বস্তু এই কেক্ চেণ্ডউইচবোৰোতো বজাৰতে পায়। মুঠতে লাগ বুলিলেই প্ৰত্যেক বিধ বস্তু বজাৰত পায়েই যেতিয়া — মই হ’লে এইবোৰ গুণৰ কোনো মানেই নেদেখোঁ। আৰু পঢ়া-শুনাত ভাল হ’লে নো
(২)