সকলোতে বৰ পটু। শাহুগৰাকীৰ তথাপি মুখত সন্তোষৰ হাঁহি নাই। মুখ ওন্দোলাই কৈছিল, “ভাগ্য়ত আমাৰ ৰূপৱতী বোৱাৰী তো নাই নায়েই, গুণখিনিৰো অভাৱ। ’কিয়? মই আচৰিত হৈ ক’লো, ইমান গুণী ছোৱালীজনী...’‘থোৱা থোৱা’ তেওঁ প্ৰায় ভেকাহি মাৰিয়েই ক'লে, “সেইবোৰ গুণ লৈ নো আজিকালি কি সংসাৰ চলাব হেঁ? পোলাও, কোৰ্মা-কোপ্তা খোৱা জিভাত খাৰ-টেঙাৰ জুতি আজিকালি কোনেও নিবিচাৰে। আৰু এই পিঠা - পনাবোৰতো গেষ্ট্ৰিক-ফেষ্ট্ৰিকৰ বাবে খুবেই বেয়া। আজিকালিনো কাৰ গেষ্ট্ৰিক নাই হেৰি! বোৱা-কটা জানি কি হ’ব? তাঁতত নো কি বিয়াৰ সাজজোৰ ব’ব! মিছাতে সূতা-গুণা, সময়ৰ উপৰি চকুৰ দৃষ্টি শক্তিৰো অপচয়। বজাৰত কম আয়াসতে সকলো পোৱা যায়। নিজক সজাওঁ বোলা বা ঘৰখনকে সজাওঁ বোলা। বজাৰত কি বস্তুৰ অভাৱ? মুহুৰ্ততে গৈ কিনি আনিলেই হয়।' খঙেৰেই তেওঁ মুখখন জপাই থ’লে। মুঠতে এই যুগতকৈ আগবাঢ়িব খোজা শাহুগৰাকীৰ কাষত বোৱাৰীৰ এইবোৰ গুণৰ কোনো মূল্য নাই।
আন এঘৰৰ বোৱাৰীগৰাকী আক’ চাইনিজ ডিচ্, কন্টিনেন্টেল ডিচ্, আদি আধুনিক ৰন্ধন প্ৰকৰণৰ উপৰি ইণ্টাৰ - ডেকৰেশ্যনত পাকৈত। কিন্তু বিপৰীত ৰুচিবোধৰ শাহুগৰাকীৰ মুখত সন্তোষৰ হাঁহি নাই। আধুনিক সাজ-সৰঞ্জাম, আচ্বাব-পত্ৰৰে নিখুঁত ভাৱে সজাই ৰখা আধুনিক ঘৰখনৰ ডাইনিং টেবুলত ধুনীয়া সাজ-পাৰেৰে ধুনীয়াকৈ চাৰ্ভ কৰা বোৱাৰীয়েকৰ ‘ইংলিচ ডিচ্,’ '‘চাইনিজ্ ডিচ,’ খাইও শাহুগৰাকীয়ে অনুচ্চ কণ্ঠেৰে অসন্তোষীয়া ভাৱে ক’লে — ‘এঃ ল'ৰাই নিজে চাই বিয়া’ কৰোৱা বুলিহে সহি সামৰি থাকোঁ আৰু। বুজিছা , বোৱাৰীয়ে নিজে বন এখন কৰিব নাজানে। বজাৰৰপৰা লোকে কৰা বস্তু কিনি আনি ঘৰখন সজাবলৈ লাজ নাপায় নে বাৰু? পিন্ধা কাপোৰজোৰৰপৰা প্লেটৰ তলপৰা সেই ‘মেট’ খনলৈকে যদি বজাৰৰপৰা কিনে, কেনেকৈ হয়? ঘৰখনত অন্য কামও
( ৪ )