পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰূপে কি কৰে

 

 গুণেহে বোলে সংসাৰ তৰে। কিন্তু ৰূপে কি কৰে মানে? ৰূপে কি নকৰে আজিকালি তাকে কওকচোন! গুণে কেতিয়াবা কিবা কৰিব নোৱাৰিলেও ৰূপে হ’লে কৰে। খুৰ কৰে।

 ধৰক, আপোনাৰ ল'ৰাৰ বা ভাই-ককাই কাৰোবাৰ বিয়া পাতিব খুজিছে। ছোৱালী বিচাৰোঁতে প্ৰথমতে ৰূপে - গুণে বিভূষিতাই বিচাৰিব। কিন্তু ৰূপ আৰু গুণ প্ৰকৃতাৰ্থত একেলগে পোৱা দুৰ্লভ। এজনী ‘ভাল’ ছোৱালী বিচাৰি আপুনি বিয়া- সবাহ, মেল-মিটিং, স্কুল-কলেজ সকলোতে তীক্ষ্ণ সজাগ দৃষ্টি ৰাখি আছে। আপোনাৰ দৃষ্টিয়ে ‘ভাল’ মানে এজনী চকুত লগা দেখনিয়াৰ ছোৱালীৰ সন্ধানতহে ঘূৰি থাকিব। কোনোবাই হয়তো ৰূপ নথকা অথচ গুণী ছোৱালী এজনী 'ভাল ছোৱালী’ বুলি আপোনাক আঙুলিয়াই দিলে। আপুনি চাবলৈ গৈ থমকি ৰব। মনটো অলপ কোঁচ খাব। লাহেকৈ ক'ব—‘ভালেই আছিল। পিছে দাঁত কেইটা অলপ সোমাৱা হ'লে আৰু গা-ৰ বৰণটো অলপ পোহৰ হোৱা হ'লে আপত্তিৰ কোনো কাৰণেই নাছিল।’ দেখিলে এতিয়া আপত্তিটো ক’ত! ৰূপৰ অভাৱৰ বাবেই নহয় নে? আন এগৰাকা ভাবী শাহুক আক’ এজনী ‘ভাল ছোৱালী’ দেখুৱাই দিওঁতে ক’লে গুণখনি আছে হয়। শলাগিবলগীয়াই। পিছে ৰূপটো অলপ লাগে আৰু দিয়কচোন! ধুনীয়া বোৱাৰী এজনী ঘৰখনত ওলোৱা-সোমোৱা কৰিলেই ভাল লাগে দেখোন। বোৱাৰী বুলি দেখুৱাইও ভাল লাগে হেঁ! স কেইটাইও বন্ধু - বান্ধবীক ‘নবৌ' বুলি দেখুৱায়েই ভাল পাব! গুণখিনি নো আৰু দেখে কোনে?