পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শুনা প্ৰভু! তুমি মানুহ দুবিধহে স্ৰজন কৰিছিলা ⸺ পুৰুষ আৰু প্ৰকৃতি! আমাৰ ভাষাত পুৰুষ আৰু মহিলা। কিন্তু ইয়াত পৃথিবীতে মানুহবোৰে কি কৰিছে দেখিছা – পুৰুষ মহিলা ভাগৰ উপৰিও ধনী দুখীয়া, ক’লাছাল - বগাছাল, হিন্দু - মুছলমান, তাৰো সৰু সৰু ঢে’ৰ ভাগ। ইউৰোপীয়ান - এচিয়ান, ভাৰতীয়-অভাৰতীয় অসমীয়া - অনাঅসমীয়া আৰু যে কত কি ভাগ কৰিছে! তুমি একো এটা নামাতা কেলেই? ভাগ তো কৰিছেই ⸺ মৰা কটাও যে কৰিছে!! আৰু এইবোৰত প্ৰায়ে তোমাকেই ‘কেপিটেল’ কৰি লয় ⸺ কোনোবাই ‘আল্লা’ বুলি, কোনোবাই ‘গড্’ বুলি আৰু কোনোবাই ‘ভগৱান’ বুলি। তুমি একেজনেই যেতিয়া বুজাই নিদিয়াহি কিয়নো?

 তুমি বাৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰ্টফ’লিঅ' বেলেগ বেলেগ কৈ দিছা নেকি? মানে এই ধৰা, কাৰখানা আদিৰ বাবে বিশ্বকৰ্মাক, স্কুল-কলেজৰ বাবে সৰস্বতীক, বেপাৰ - বাণিজ্যৰ বাবে লক্ষ্মী - গনেশক! মন কৰিবাচোন, তেওঁলোকে কিন্তু আজিকালি ভীষণ পক্ষপাতিত্ব কৰে আৰু সেইবাবেই মানুহবোৰেও খোৱা–কামোৰা কৰে। গনেশক অলপ চকু নিদিয়া কেলেই ⸺ তেওঁ সকলো ডিপাৰ্টমেণ্টতে কিন্তু বেপাৰ আৰম্ভ কৰি দিছে। সেইকাৰণেই সৰস্বতীয়ে বেয়া পোৱা এজনকো লক্ষ্মী - গনেশে পৃষ্ঠপোষকতা কৰি ‘সৰস্বতীৰ বৰপুত্ৰ যেন’ আখ্যা দিয়ে। এইবোৰ আকউ কি।

 তোমাৰ প্ৰতি ভগৱান্‌ সকলোতকৈ ডাঙৰ অভিযোগ তুমি যে পুৰুষ মহিলা দুভাগ কৰিলা ⸺ শক্তি কিয় দুয়োকো সমান সমান নিদিলা? শক্তি বাৰু সমান নিদিলা নাই, ভাবিছিলা ছাগে মহিলাসকলক পুৰুষসকলেই ৰক্ষণা - বেক্ষণ দিব। দিছে জানো চবেই? বেছি ভাগেই ৰক্ষকেই ভক্ষক হে হয়। পুৰুষ বিলাকক চোন একো এটা দায়িত্ব, একো এটা কষ্টই নিদিলা। সংসাৰ কৰোঁতে মাফতে তেওঁলোকে চব্‌ পাই যায়। অথচ তিৰোতাসকলক সৰু কালৰ পৰাই কিমান দুখ - কষ্ট, বিপদ বিঘিনিলৈ

(৭৩)