পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা পলিচি আছে। নহ'লে নো বুদ্ধি দিওঁতেও সুবুদ্ধি - কুবুদ্ধি দুবিধ কৰিলা কেলেই? নে তাতো ৰাজনীতি চলে? আৰু চলে বাবেই বেয়া - ভাল দুবিধ মানুহ কৰি পৃথিবীতে মেলি দিলা। দুটা দলৰ মাজত ম'হ যুজ লাগি থাকিলেহে তোমালোকৰ শাসন অটুত ৰাখিবলৈ সুবিধা হয়?

 ক'ৰবাত পাইছিলো ⸺ চোৰে চুৰ কৰিবলৈ যাওঁতে ধৰা নপৰিবৰ বাবে তোমাক খাটি নিশ্চিত হৈ যায়। গৃহস্থই শুবৰ সময়ত নিশাটো চোৰ - চাৰি নহৈ সুকলমে পাৰ হ’বলৈ বুলি তোমাক খাটি তোমাকে ৰখীয়াৰ চাৰ্জ দি নিশ্চিন্তে টোপনি যায়। কোনোবাই চাকৰিৰ প্ৰমোচনৰ বাবে তোমাক খাটে। কোনোবাই আক’ কাৰোবাৰ প্ৰমোচন বন্ধ হওক বুলি তোমাক খাটে। কোনোবাই ঘোচ খাই ধৰা নপৰিবৰ বাবে তোমাক খাটনি ধৰে।কোনোবাই ঘোচ দিহে চাকৰিটো পোৱা বুলি কোনেও নাজানক যেন বুলি তোমাক খাটে। কোনোবাই অৰ্থবান দৰাৰ বাবে, কোনোবাই সুন্দৰী কইনাৰ বাবে, কোনোবাই কাৰোবাৰ বিয়াখন হওক বুলি, কোনোবাই আক’ কাৰোবাৰ বিয়াখন ভাগক বুলি, বছৰে বছৰে লাখ লাখ ল'ৰা - ছোৱালীয়ে পৰীক্ষা পাছ কৰিবৰ বাবে তোমাক খাটনি ধৰে। আৰু তুমি বোলে সকলোবোৰ শুনি থাকি শেষত গনেশৰ খাঁটি তেল নাকত দি শুই থাকা কাকোৱেই একো কৰি নিদিয়া। অৱশেষত মানুহবোৰে যাৰে বল তাৰে ছল বুলি নিজৰ নিজৰ আকাঙ্খিত বস্তুবোৰ লৈ লয়। অসাধুবোৰে অসৎ উপায়েৰে চলে - বলে - কৌশলেৰে প্ৰয়োজনতকৈ বেছি লয় আৰু সৎ সাধুবোৰে তুমি যি দিয়া তাকে ল’ব বুলি সৎ পথতে ৰৈ থাকি থাকি প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত হৈ জীয়াতু ভুগি ভুগি বহি থাকে। তুমি ভগৱান তেনেকুৱাত অন্ততঃ নিৰ্বিকাৰ হৈ থাকি ডিপ্লমেট পলিচি ল'ব নালাগিছিল।

দ্বাপৰ - ত্ৰেতা যুগততো তুমি অন্যায়ৰ বিৰুদ্ধে সক্ৰিয় অংশই লৈছিলা – এতিয়া কিয় এনেকুৱা হ’লা?

৭২