পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠেলি দিছা। যতমানে কষ্ট - দায়িত্ব চব্তো‌ তিৰোতাসকলেই বহন কৰিব লাগে। ইফালে বিপদ - বিঘিনিৰ পৰা ৰক্ষা পাবলৈ যথেষ্ট শাৰীৰিক শক্তিও দিয়া নাই। পুৰুষ কিছুমানৰ দপ্দ‌পনিত কিছুমান তিৰোতাৰ যে কত ৰকমৰ দুখ - কষ্ট - লাজ অপমান হয়। কিছুমান অসহায় তিৰোতাই সেয়ে উপায়ন্তৰ হৈ দুখ - অপমানত নিজে নিজে মৰি দিয়ে। মৰিবতোন! তুমি তেওঁ - লোকক ৰক্ষা নকৰা আৰু কাকুতি-মিনতি কৰিলেও! তেওঁলোকে নিজে নিজে নমৰি গঞ্জনা - লাঞ্চনা খাই খাই তুমি মাৰি নিয়ালৈ বাট চাই থাকিবনে? পুৰুষসকলক দেখোন সকলো ধৰণৰ বেয়া কাম কৰি সাৰি থাকিব পৰাকৈ বহুত সা-সুবিধা দিছা। তথাপিও তোমালৈ জানো তেওঁলোকে ভ্ৰুক্ষেপ কৰে? আমি তিৰোতা সকলেহে সদায় পুৱা গোঁসাই ঘৰ মোচোঁ, সন্ধিয়া ঈশ্বৰ উপাসনা কৰোঁ, তুলসী তলত চাকি দিওঁ, সকলোৰে মঙ্গলৰ কাৰণে ভাবোঁ। আমি তো নিজৰ কথা ভাবিবলৈ সময়েই নাপাওঁ ⸺ পুৰুষসকলৰ মঙ্গলৰ বাবেই সততে ব্ৰত - পূজা কৰা হয়।

 তোমালৈ অভিযোগ আৰু বহুত আছে। তুমি বাৰু গম পোৰানে ⸺ তুমি পঠাইছা বুলি, তোমাৰে শক্তিৰ অংশ লৈ আহিছে বুলি হঠাৎ হঠাৎ একো ঠাইত একোজন মানুহ ⸺ ‘ভগৱান’ হৈ যায়। আৰু যে ভেৰাৰ আত্মাৰে সজা মানুহবোৰ তেওঁৰ অন্ধ ভক্ত হৈ যায়। তোমাক মন্দিৰত যিমান দিয়ে তাৰ দুগুণ বস্তু তোমালৈ বুলি এইজন ভগৱানৰ হাতত দিয়ে। এইবিধ ভগৱানে কিন্তু বে’চ টকা - কড়ি সা - সম্পত্তি কৰে দেই পৃথিবীত।

 তোমালৈ সকলোতকৈ ডাঙৰ প্ৰশ্ন ভগবান্ তুমি থাকা ক’ত ⸺ তাৰ ঠিকনা। আগেয়ে বোলে মন্দিৰ - মছজিদ্‌ - গীৰ্জাবোৰত আছিলা!! ভীৰ বেছি হোৱা বাবে, মানুহে বহুত আৰ্জি পেচ কৰা বাবে, তেলীৰ মূৰত তেল দিয়া বুলি তোমাৰ বদ্না‌ম হোৱা বাবে নিতৌ হাজাৰ জনৰ আপত্তি শুনি শুনি আমনি পাই তুমি থকা ঠাই চিফ্ ট কৰিলা বোলে! ঠিক নাজানো অৱশ্যে।

৭৪