পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৈ সজায়, তেনেহ'লে পিচৰ ইঞ্জিনীয়াৰ সকলে কৰিব কি? ‘তাজমহল’তো আৰু দুটা নহয়! অজৰ - অমৰ দলং থাকিলে বাকীবোৰ ইঞ্জিনীয়াৰে শূন্যত দলং সাজিলেহে হ'ব? ইমানবোৰ নৈ ক’ত দলং দিবলৈ? যিমান ইঞ্জিনীয়াৰে সিমান নৈ তো নাই! আৰু ঘৰ⸺? পথাৰ - সমাৰ, পিতনি - বেতনি, খাল - পাহাৰ সকলোতে ঘৰ সজা হৈছে। এইবোৰৰ যদি এটাও নাভাঙে পিছৰ ইঞ্জিনীয়াৰে সাজিব ক’ত? আকাশত? অজৰ - অমৰ মথাউৰি বন্ধাৰ পিচৰ বাৰিষাবোৰত? ঠিকাদাৰ ইঞ্জিনীয়াৰে খৰলি খাই থাকিব তো নোৱাৰে! এইবোৰ ‘দৰ্শন’ ইণ্ডিয়ান মাইন্দ্‌’ত হে ষ্ট্ৰাইক্‌ কৰে অন্য দেশবোৰে এই দৰ্শন বুজি পালেহে! তেনেকৈয়ে পলিউট্‌ এয়াৰ, লেতেৰা বাট-পথ, অপৰিষ্কাৰ খোৱা পানী পুখুৰী আদিয়ে বেমাৰ আনে বুলি সকলোৱে জানে। জানে যদিও পৰিস্কাৰ-পৰিচ্ছন্নতালৈ ৰজা-প্ৰজা কোনোৱে মূৰ নঘমায়। বেনাৰ আছে বাবেই তো ডাক্তৰ বৰ্ত্তি আছে। এনেকৈয়ে সকলোৱে সকলোৰে কথা ভাবে বাবেই ⸺ মৰিলে পুনৰ আহি এইখন দেশতে জনম ল’বলৈ মন যায়।

 আমাৰ দেশৰ মানুহবোৰে কাম কৰাতকৈ কথাকৈ বেছি ভালপোৱা বাবে সততে হৈ থকা সভা সমিতিবোৰত বক্তা বহুত পোৱা যায়। শ্ৰোতা পোৱাতো কিন্তু দুৰুহ। সেয়ে কিছুমান ৰাজনৈতিক সভাত শ শ শ্ৰোতা ভাৰা কৰি ট্ৰাকত আনি নমাই দিয়া হয়। সেই মানুহবোৰে বুজি নোপোৱা আৰু ভাল নোপোৱা কথাবোৰ শুনি দিয়া বাবে পাৰিশ্ৰমিক পায়। এনেকৈ বক্তৃতা শুনি দিয়েই ইন্ক‌ম্‌ কৰা মানুহ অন্য ঠাইত পাব? আমাৰ দেশত সাধাৰণতে দুৰ্নীতি পৰায়নলোকে পদোন্নতিও কৰে। লোকে দেশৰ - দহৰ উন্নতিৰ বাৱে চিন্তা নকৰা বাবে নিজৰ উন্নতিৰ চিন্তা কৰিবলৈ যথেষ্ট সময় সুবিধা পায়। সেয়ে প্ৰমোচনৰ লিষ্টত তেওঁলোকৰ নামেই প্ৰায়ে ওপৰত থাকে। দেশৰ উন্নতিৰ বাবে চিন্তা কৰা দুৰ্নীতিত লিপ্ত নথকাজনৰ নামও প্ৰমোচনৰ

(৬৮)