পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘ফৰেইন পাৰফিউম্‌ ফৰেইন টেপ্‌ ৰেকৰ্ডাৰ’ এইবোৰেই আমাৰ চিন্তাৰ কেন্দ্ৰ। থকা মেলা, চলন - ফুৰণ, সাজ - পোছাক তো বিদেশীৰ অনুকৰণত কৰোঁৱেই ⸺ নিজৰ ভাষাটো নাজানি ফৰেইন ভাষাত কথা ক'লে আমি ষ্টেটাচ্‌ ওপৰলৈ যোৱা বুলি ধৰোঁ। আমাৰ টপ্‌ কেপিটেলিষ্ট্‌ কেইজন বিদেশৰ নাগৰিকত্বলৈ বিদেশতে থাকেগৈ। তেওঁলোকক সেয়ে আমাৰ দেশৰ গৌৰৱ বুলি গণ্য কৰোঁ। মৰিবৰ সময়ত তেওঁলোকে কৈ যায় ⸺ দেশত আত্মীয় স্বজন আছে যদিও মৰাৰ পিচত তেওঁলোকৰ শৱটো যাতে দেশৰ মাটিলৈ অনা নহয়! কিমান গভীৰ অভিনৱ দেশ প্ৰেম! আমাৰ দূৰদৰ্শন আৰু আকাশবাণী যোগে সেই বাণীটো আক’ গৌৰৱেৰে প্ৰচাৰ কৰা হয়। ‘উত্তমে লৱয় গুণ’ৰ দৰে এইবোৰ অপমান সূচক কথাকো আমাৰ দেশৰ মানুহে ‘গৌৰৱ’ বুলি ধাৰণা কৰে।

 আমাৰ দেশৰ আৰু এটা ভাল গুণ অন্য কোনো দেশতে নাই। এই দেশত যি যি বস্তু উৎপাদন হয় তাৰ উৎকৃষ্ট ভাগ বাহিৰৰ দেশলৈ ৰপ্তানি কৰি নিকৃষ্ট ভাগ দেশৰ মানুহক চৰা দামত বিক্ৰী কৰা হয়। এনে মহান বিশ্ব প্ৰেমী জীৱ অন্য দেশত থকা হলে শুনা নাই। আন দেশবোৰে নিজৰ নিজৰ দেশৰ মানুহৰ স্বাস্থ্য আৰু উন্নতিৰ কথাহে ভাবি থাকে। কথাৰ লগত কামৰ; দৰমহাৰ লগত ধন - সম্পত্তিৰ, ষ্টেটাচৰ লগত চৰিত্ৰৰ সামঞ্জস্য আমাৰ দেশতে দৰৱত দিবলৈকো পোৱা নাযায়। ‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰ হাড়ে - হিমজুৱে অনুভৱ কৰি সকলো ক্ষেত্ৰতে বাণিজ্য কৰা হয়। আমাৰ দেশৰ কিছুমান ইঞ্জিনীয়াৰে সজা ঘৰ দলংবোৰ অল্পায়ু হয় বুলি কথিত আছে। বৰ্হিদৃষ্টিত যদিও তেওঁলোকে টকা খাই সস্তীয়া বস্তুৰে কৰা ভেজাল বাণিজ্য ⸺ সূক্ষ্ম দৃষ্টিৰে চালে কিন্তু তেওঁলোকৰ এই মহান্‌ মানৱ-সেৱা শলগীবলগীয়া। তেওঁলোকে ভাবে অকল তেওঁলোকেই নহয়, বছৰে বছৰে হাজাৰ হাজাৰ ইঞ্জিনীয়াৰ হৈ ওলাই আছে। তেওঁলোকে যদি দলং বা ঘৰ অজৰ অমৰ

(৬৭)