পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিষ্টত থাকে; কিন্তু একেবাৰে শেযত। যিবোৰ মানুহে সং ভাৱে নিষ্টা সহকাৰে কাম কৰে, অন্যায় ⸺ অনীতিৰ বিৰুদ্ধে যুঁজে তেওঁলোকৰ নাম অৱশ্যে লিষ্টৰ প্ৰথমতেই থাকে ⸺ পিছে ট্ৰেন্সফাৰ লিষ্টতহে।

 ‘মৰিলে পুনৰ আহি দুখীয়া দেশত মোৰ লওঁ যেন পুনৰ জনম’ বুলি নাভাবিম!

 

ঈশ্বৰলৈ অভিযোগ

 

 ভগৱান, তুমি নিৰাকাৰ হোৱাত আপত্তি নাই, কিন্তু তুমি নিৰ্বিকাৰ কিয়? সৃষ্টিখন তোমাৰে যেতিয়া ⸺ ‘তুমি আদি তুমিয়েই অনাদি’ যেতিয়া অলপ তো চকু কেইটা ভালদৰে মেলি চাব পাৰা। শুনিছিলো ভগৱান তোমাৰ ‘প্ৰিনচিপল’ আছিল ⸺ দুষ্টক দমন আৰু শান্তক পালন কৰা। আজিকালি কিয় যে শান্ত মন আৰু দুষ্টক পালন কৰিবলৈ ল'লা ⸺ ভাবিয়েই পোৱা নাই।

 সৃষ্টিখন বাঢ়ি যোৱা বুলি ক'লেও তোমাৰ আয়ত্বৰ বাহিৰলৈ নিশ্চয় যোৱা নাই। তাতে আক' বোলে কিছুমান জীৱৰ প্ৰডাক্সন বন্ধ কৰি দিছা ⸺ চিৰকাললৈ। কিছুমান জীৱৰ প্ৰডাক্সন কমাই তাৰ ঠাইত মানুহৰ প্ৰডাক্সন বঢ়াইছা বোলে! এই এক্সট্ৰা প্ৰডাক্সনৰ আত্মাবোৰ শিয়াল, বান্দৰ ইত্যাদিৰ পৰা লোৱা হৈছে নেকি? স্বভাৱবোৰ দেখোন থাকি গ'ল। আকৃতি সলনি কৰোঁতে তুমি ছাগে প্ৰকৃতিৰ কথা মনেই নকৰিলা। সেই কাৰণেই নেকি কিছুমানে শিয়ালৰ ধূৰ্ত্তালিৰে, কিছুমানে বাঘৰ ক্ৰুৰতাৰে, কিছুমানে কুকুৰৰ দৰে খোৱা - কোমোৰা কৰি, কিছুমানে বান্দৰৰ

৬৯