পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনি এটা বিশেষ তদন্ত কমিটি বহুৱায়। নতুন ঠাই দেখা বাহিৰৰ এক্সপাৰ্টে ঠাই চাই, ভোজ ভাত খাই, ফটো - তটো তুলি ফুৰ্ত্তি কৰি ঘূৰি যোৱাৰ পিচত তাৰপৰাৰ ৰিপোৰ্ট এটা পঠায়। আকৌ কিছু আলোচনা - বিলোচনাৰ পিচত স্পেচিয়েল ৰিপোৰ্ট এটা দাখিল কৰে। সেইবোৰৰো গৱেষণা, পৰীক্ষা - নিৰিক্ষা শেষ হ’লে এযুগ মানৰ পিচত ‘জৰুৰী’ বোধ কৰিলে আৰু সেই একে কেইজন মানুহ নমৰি জীয়াই ক্ষমতাত থাকিলে, পৰম ধীৰে সুস্থিৰে তৎপৰ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা হয়। আমাৰ দেশৰ দৰে দুৰ্ঘটনা বোধ কৰাৰ এনে ক্ষীপ্ৰ ব্যৱস্থা অন্য দেশত পাব?

 আমাৰ দেশৰ শতকৰা ৮০% ভাগ মানুহ দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলত হেনো। পিচে দৰিদ্ৰ হ'লেও অফিচৰ চাপ্ৰাচী জনৰ পৰা ‘বচ্’ জনলৈকে, হস্পিটেলৰ চুইপাৰৰ পৰা, ডাক্তৰলৈকে ‘পুলিচ কনিষ্টবলৰ পৰা ডি, আই, জি লৈকে বেঙ্ক্‌ অনুযায়ী টকা খোৱা যি প্ৰচলিত প্ৰথা আছে ⸺ এইখন দুখীয়া দেশতে জনমে জনমে আহি চাকৰি কৰিবলৈ মন নাযায় নে? ‘গৰিবী হাতাও’ বুলি চিঞৰ বাখৰ কৰিলেও দেশৰ পৰা গৰীব নাইকিয়া হোৱাটো কোনেও নিবিচাৰে। দুখীয়া – দৰিদ্ৰ নাথাকিলে জ্যোতিষীৰ বিধান মতে ‘দৰিদ্ৰ ভোজন’ কৰাম কাক? এইবোৰ কৰিয়েতো গ্ৰহ দোষ খণ্ডন কৰি কিছুমান ধনী বলী হৈ আছোঁ। অমাৱস্যা থকা বাবেই পূৰ্ণিমাৰ উজ্জ্বলতা সকলোৱে অনুভৱ কৰা দৰে দুখীয়া মানুহবোৰ আছে বাবেই নিজক ধনী যেন লাগিছে।

 মহাত্মা গান্ধীয়ে আক’ সপোন দেখিছিল : ‘মই এনে এখন ভাৰত গঢ়িব বিচাৰে য’ত নিচেই নিছলা জনেও ‘মোৰ দেশ’ বুলি গৰ্ব কৰিব পাৰিব।’ এতিয়া পিছে, নিচেই নিছলাজনেতো বাদেই দেশৰ কেপিটেলিষ্ট্‌ জনেও এইখন দেশক লৈ ‘মোৰ দেশ’ বুলি গৰ্ব নকৰে। এতিয়া প্ৰায় সকলোৰে দেশী সত্ত্বাৰ ভিতৰত বিদেশী মন। ‘ফৰেইন কাৰ্‌ তো? ড্ৰাইভ্‌ কৰিবলৈকে আৰাম’,‘ইমান মসৃন কাপোৰ ⸺ ইম্পৰটেড্‌ ছাগে’, ‘ফৰেইন কচ্মে‌টিক’

(৬৬)