পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাগৰিকে জানো বুজে ? উচ্চতম পৰ্য্যায়ৰ কৰ্মচাৰী সকলে আক’ তেওঁলোকে অফিচলৈ যোৱাৰ বাবে পোৱা চৰকাৰী গাড়ীখনেৰে ল’ৰা - ছোৱালী কেইটাক স্কুল কলেজে ভাগে ভাগে থৈ অহাৰ পিচত, পত্নীয়ে বজাৰ - সমাৰ কৰি লোৱাৰ পিচত যেতিয়াই সময় পাই অফিচলৈ যায়। অফিচতে এঘণ্টামান চহী - তহী কৰি বা অন্য ক'ৰবাত মিটিং - চিটিং কৰি এঘণ্টামান থাকি ‘লান্স’ খাবলৈ ঘৰলৈ যায়। লান্সৰ পিচত জিৰাই শঁতাই গাড়ীখনেৰে ল'ৰা–ছোৱালীবোৰক স্কুল - কলেজৰ পৰা অনাৰ পিচত পত্নীক সম্বন্ধীয়া ঘৰত বা বান্ধৱীৰ ঘৰত গাড়ীখনে থৈ অহাৰ পিচত গাড়ীখন আজৰি পালে আৰু সময় থাকিলে আকৌ এবাৰ অফিচত পাক এটা মাৰে। এনে নিষ্ঠাৱান কৰ্মচাৰীয়ে ইমান সুন্দৰ মন্থৰ গতিৰে চৰকাৰী চাকৰি কৰাৰ সুবিধা অন্য দেশত পাব? এনে হেন দেশখনত ‘লওঁ যেন পুনৰ জনম’ বুলি ভাবিবৰ মন নাযাবনে?

 ভূমিকম্প, বানপানী, ঘূৰ্ণী বতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ স্বাভাৱিক ভাৱে বিনা প্ৰতিবাদে মানি লবলৈ ভগৱানে যেনেকৈ আমাক মনোবল দিছে ⸺ তেনেকৈয়ে মনোবল দিছে দলং ভাগি পাইকাৰী হাৰত মানুহ মৰা, নতুন মথাউৰি ভাঙি হোৱা বানপানীত মানুহ মৰা, ষ্টিয়েৰিং ধৰিবলৈ শিকিয়ে আলিবাটত গাড়ী চলাই খুন্দিয়াই মানুহ মৰা, ভেজাল আহাৰ ঔষধ খাই মানুহ মৰা কথাবোৰ ধৈৰ্য ধৰি সহি থাকিবলৈ। তেনেকুৱা ঘটনবোৰ ঘটিলে জনসাধাৰণ অকণমান সময় অধৈৰ্য হ’লেও কৰ্ত্তৃপক্ষ কিন্তু অচল - অটল হৈ থাকে। তেওঁলোকে তেনেকুৱা ঘটনা একে ধৰণেৰে

আৰু দহোটামান ঘটিবলৈ আগ্ৰহেৰে অপেক্ষা কৰে। কোনো ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা নলয়। দহ - বাৰটা ঘটনাৰ পিচত কিছুমান ৰাইজে ধৈৰ্য্যৰ বান্ধ খুলি হুলস্থুল গৰিহণা ঘেৰাও জাতীয় কিবাকিবি কৰা দেখিলেহে কৰ্ত্তৃপক্ষই অলপ চুচুক চামাক্‌ কৈ তদন্ত কমিটি এটা বহুৱায়। সেই তদন্ত কমিটি বহিয়েই থাকিল আকৌ ৰাইজে হুলস্থুল কৰে। তেতিয়া বাহিৰৰ এক্সপাৰ্ট মগাই

(৬৫)