আঁতৰে আঁতৰে ৰেলিঙৰ ওচৰত নমাই থৈ যায়। তেওঁলোকে প্ৰথমতে ফিট্ফাট্ পোছাকজোৰেৰে খুব তজ্ বজীয়া হৈ ইফাল সিফাল কৰি থাকে। লাহে লাহে বেলি মূৰৰ ওপৰ পায়হি। এনেকৈ সময় গৈ থকাৰ লগে লগে তেওঁলোকে ভোকে পিয়াহে মাজে মাজে তামোল খাই, মাজে মাজে চুখা ম’লি, মাজে মাজে হাতৰ সৰু লাঠি ডালেৰে বাটৰ মাজলৈ অহা গৰু – ছাগলী খেদি অহৈতুক বিৰক্তিৰে হাঁমিয়াই হিকটিয়াই কোনোমতে ভৰি কেইটাৰ ওপৰত থিয় দি ‘ডিউটি’ কৰি থাকে। ডেকা শক্তি আৰু সময়ক দেশৰ কামত লগোৱাৰ ইয়াতকৈ ভাল নিয়ম আছেনে? আৰু আমাৰ জনসাধাৰণৰো ধৈৰ্যৰ তুলনা নাই। সেই বাটৰ কাষৰ চুণ লগোৱা বাঁহত ধৰি নেতাজনক চাবলৈ কাম - বন এৰি ঘণ্টাৰ পিছত ঘণ্টা থিয়দি থাকেঁ। এটা সময়ত — নিৰ্দিষ্ট সময়তকৈ বহুত পলমকৈ ৰাইজৰ ধনেৰে সুন্দৰকৈ সজোৱা গাড়ী এখনত নেতাজনে নিৰ্বিকাৰ মুখত পেটেণ্ট্ হাঁহিটোৰে আমাৰ আগেৰে বিজুলীৰ দৰে চাঁ - ট কৈ পাৰ হৈ যায়। বচ্ আমাৰ উৎসৱও সিমানতে শেষ। ‘বহ্বাৰম্বে লঘুক্ৰিয়া’ যদিও আমেজটো গোটেই দিন থাকে। গতিকে আৰু কাম - কাজ কৰাৰ প্ৰশ্নই নুঠে। এনে মধুৰ দীঘলীয়া অৱসৰ অন্য কোনোবা দেশৰ নাগৰিকে ভোগ কৰা বুলি শুনা নাই হ'লে। মৰিলে পুনৰ আহি জনম ল'বলৈ নো নিবিচাৰিমনে ইয়াত?
আমাৰ চৰকাৰী অফিচ - কাছাৰীবোৰত পুৱা দহ বজাৰ পৰা আবেলি পাঁচ বজালৈ কাম - কাজ চলাৰ নিয়ম। সেয়ে প্ৰায়বোৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলে দহ বজাত গা - পা ধুই ভাত - পানী খাবলৈ লৈ অফিচলৈ যাবলৈ কুৰুং কাৰাং কৰে; কিয়নো সেই গা-ধোৱা, ভাত খোৱা কামবোৰ অফিচলৈ যোৱাৰে প্ৰস্তুতি বাবে সেইখিনি কাম অফিচৰ সময়ৰ ভিতৰতে ধৰে। ঠিক সেইদৰে পাঁচ বজাৰ ভিতৰতে কাম কাজ সামৰি ঘৰলৈ অহা কামটোও শেষ কৰি ঘৰত থাকেহি। এনে নিয়মানুৱৰ্ত্তিতা অন্য দেশৰ
( ৬৪ )