পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফতেহা দোৱাজ্‌ দহম্‌, ৰাম নৱমী, বুদ্ধজয়ন্তী, শঙ্কৰ জন্মোৎসৱ, গুড্‌ ফ্ৰাইডে', ফাকুৱা, ৰাস পূৰ্ণিমা, মাঘ বিহু, বিশ্বকৰ্মা পূজা,সৰস্বতী পূজা, কত কি! তদুপৰি প্ৰখ্যাত - প্ৰয়াত নেতা-নায়ক সকলৰ জন্মদিন - মৃত্যু দিনবোৰ আছেই। এইবোৰ উৎসৱ পৰ্বৰ বাবে বাৰটা মাহত চাৰে পয়ত্ৰিশ টা মান বন্ধ পোৱা হয়। অন্য কোনোবা দেশত পাব ইমান অফুৰন্ত অৱসৰ? এই নিৰ্দিষ্ট বন্ধবোৰৰ উপৰিও দেশৰে ৰাজনৈতিক নেতা-মহানেতা সকল তেওঁলোকৰ স্বস্থানৰ পৰা দেশৰে আন এটা চুকলৈ চৰকাৰী খৰছত গমন কৰিলেই ‘ভ্ৰমণ’ উৎসৱ এটি হয়। সেইজন যেন আমাৰ দেশৰ, আমাৰ গ্ৰহৰ মানুহেই নহয়, — অন্য গ্ৰহ-উপগ্ৰহৰ পৰাহে আহিছে, আমি তেনেকুৱা কৰোঁ। যিখন চহৰলৈ যায়, তাত দলৰ হৰ্ত্তা -কৰ্ত্তা সকলৰ উপৰিও চহৰখনৰ শাসকীয় মুৰব্বীজনৰ পৰা প্ৰতিটো কাৰ্যালয়ৰ মুৰববী, উচ্চবৰ্গৰ কৰ্মচাৰী, নিম্নবৰ্গৰ কৰ্মচাৰী সকলোৱে এই উৎসৱত যোগ দিয়ে। প্ৰায় এসপ্তাহমান আগৰে পৰাই মহানেতা আগমনৰ উৎসৱৰ বাবে ‘উগুল - থুগুল মন বিয়াকুল’ হৈ থকা কাৰণে কাৰ্য্যালয়বোৰত কাম কাজ চলে। চহৰখনৰ প্ৰধান পথৰ য’ত দুকাষে ডাঙৰ ডাঙৰ পকী দালানবোৰ থাকে, সেইপথৰ আৱৰ্জনাবোৰ (ভিক্ষাৰী আৰু জাবৰ) আন এটা উপপথত থৈ

ৰাতি - দিন বনুৱা লগাই বাটৰ গাঁত - টাঁটবোৰ সেইকেইটা দিনৰ বাবে ঢাকি ৰাথি বাটটো নিমজকৈ ৰখা হয়। আলিবাটৰ কাষৰ লাইট্ প’ষ্ট, টেলিগ্ৰাফ পষ্ট, ডাঙৰ গছ সকলোৰে গুৰিবোৰৰ দুহাতমান ওপৰলৈকে চুণ লগাই দিয়া হয়। এইবাৰ চাফ-চিকুণতাই আৰু গাড়ীয়ে গাড়ীয়ে পেলোৱা গোটা বাঁহৰ আয়োজনে গছত কুঁহিপাতে বসন্তৰ আগমনি সূচোৱা দৰে জনসাধাৰণকো নেতা আগমনিৰ বাতৰি সূচায়। আলিবাটৰ দুয়োকাষে সেই বাঁহবোৰ ৰেলিঙৰ দৰে বান্ধি চুণ লগাই দিয়া হয়। অৱশেষত সেই আকাংক্ষিত দিনটো পায়হি। সেইদিনা পূবে ফেহুজালি দিওঁতেই আৰক্ষী বিভাগৰ ট্ৰাকেৰে আৰক্ষী কৰ্মচাৰী কিছুমানক দহফুটমান

(৬৩)