পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰাল দুখীয়া নহয়। বছৰে - দুবছৰে সাহিত্য সভাও নোহাৱাকৈ নাথাকে। ......... পিচে য’তে ইচ্ছা ত'তে বাট বুলি এই গৰাকী পত্নীৰ লেখাবোৰ অ’ত ত’ত কাকত - আলোচনীত প্ৰকাশ হ’বলৈ ধৰিলে। লাহে লাহে তেওঁৰ প্ৰতিভাই স্বীকৃতি পাবলৈ ধৰিলে আৰু তেওঁ প্ৰখ্যাত লেখিকা সকলৰ এগৰাকী হৈ উঠিল। স্বামীজনে বাধা - নিষেধ নিদিয়া হ'ল যদিও নিজৰ জিদ্ পুৰণ নোহোৱাত গম্ভীৰ হৈ ৰ’ল। মহিলা গৰাকীৰ ওচৰলৈ কবিতা - প্ৰবন্ধ বিচাৰি নানা কাকত, আলোচনীৰ সম্পাদক - সম্পাদিকা আহিবলৈ ধৰিলে। মেল - মিটিঙৰ বাবেও বহুতে তেওঁক বিচৰা হ’ল।বহুতে আক’ তেওঁলোকৰ ঘৰটো মহিলাগৰাকীৰ নামেৰেহে চিনি পোৱা হ'ল। ওচৰ - চুবুৰীয়াইও নতুন চিনাকিক ‘পল্লৱী বৰুৱাৰ ঘৰৰ ওচৰত থাকোঁ’ বুলিহে চিনাকি দিয়া হ'ল। চুবুৰীটোৱে তেওঁক লৈ গৌৰৱ কৰাৰ সময়ত এদিন এজন অচিনাকী মানুহে মহিলা গৰাকীক লগ ধৰিবলৈ আহি বাৰান্দাতে স্বামীজনক কাগজ পঢ়ি থকা পালে। আগন্তুকে সুধিলে ‘এইটো শ্ৰীমতী পল্লৱী বৰুৱাৰ ঘৰ, হয় নে?’ চচ্মাজোৰৰ ওপৰেৰে মানুহজনলৈ ঘোপাকৈ চাই গুৰু গম্ভীৰ মাতটোৰে স্বামীজনে ক'লে ⸺ ‘নহয়। তেওঁ ইয়াত থাকেহে।’

 আচলতে কিছুমান স্বামীয়ে পত্নী গৰাকী প্ৰখ্যাত হৈ দেশৰ সম্পদ হৈ যোৱাটো ভাল নাপায় নেকি! তেওঁলোকে পত্নীক ‘ঘৰৰ ঘৈণী, ল'ৰাৰ মাক’ হৈ ঘৰৰ ভিতৰত থকাটোহে বিচাৰে। মহিলা গৰাকীৰ চিনাকি স্বামীজনৰ পত্নী হিচাবেহে হোৱাটো হয়তো বিচাৰে। এনে মনোভাৱৰ স্বামীৰ লগত সংসাৰ কৰা সাহিত্য প্ৰেমী মহিলা বহুতৰে হয়তো সাহিত্য প্ৰতিভাৰ অঙ্কুৰে গজালি মেলিবলৈ নাপায়। অঙ্কুৰতেই হেঁচা খাই নাইকিয়া হৈ যায়। তদুপৰি লেখা - মেলাত ৰাপ থাকিলে প্ৰখ্যাত সাহিত্যিকসকলক লগ পাবলৈ প্ৰৱল হেঁপাহ জাগে। এই ক্ষেত্ৰতো মহিলা সাহিত্য প্ৰেমী সকলৰ সমস্যা। অন্য সুবিধা থাকিলেও ঘৰৰ

(৫৯)