পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অগ্ৰজ সকলৰ অনুমতি সাপেক্ষেহে যাব পাৰে। ঘৰত অন্য কোনো পুৰুষে লগ পাবলৈ আহিলেও অনুমতি লৈ ওলাই যোৱা, সময়তকৈ বেছি সময় কথা হ’লে স্বামী শাহুহঁতৰ গম্ভীৰ হৈ পৰা মুখ-চকুক সকলোৱে উলাই কৰি যাব নোৱাৰে। গাঁৱে ভুঞে এতিয়াও অনেক লেখিকা আছে — যি সকলৰ পিতৃ বা স্বামী সকলে ভাবে মহিলাৰ জন্মগত ভাবে যি প্ৰতিভাই নাথাকক কিয় সেইবোৰৰ প্ৰকাশৰ মাধ্যম এনেকৈ হ'ব নালাগে। তেওঁলোকে মহিলা সকলক ৰান্ধনী ঘৰত কিবা - কিবি ৰন্ধা মেলা কৰি থাকিলেই আৰু সন্তান পালন কৰি থাকিলেই ভাল দেখে। হাঁহি উঠা কথা, এইবিধ পুৰুষেই আক’ ডাঙৰ ডাঙৰ চহৰৰ বিখ্যাত সাহিত্যিকা লেখিকা বা আন প্ৰতিভাৱান মহিলা প্ৰতিভাৰ স্বীকৃতি দি শ্ৰদ্ধা মৰমেৰে অভিনন্দন জনাবলৈ সম্বৰ্দ্ধনা সভা পাতে। সম্বৰ্দ্ধনাৰ বাবে ফুলৰ মালালৈ দৌৰা দৌৰী কৰি সেই গৰাকী মহিলাৰ প্ৰশংসা কৰি তৎ নাপায়। লগতে ঘৰৰ গৰাকীক হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰে। অথচ তেওঁলোকে ভাবি নাচায় যে সুযোগ সুবিধা পালে তেওঁলোকৰ ঘৰৰ মহিলায়ো এনেকৈ যশস্যাৰ অধিকাৰী হ’ব পাৰিলেহেতেন। এনেকৈ নিজৰ ঘৰৰ মহিলাক স্বীকৃতি নিদিয়া পুৰুষে আন প্ৰদেশৰ বিখ্যাত মহিলাক ফুলৰ মালাৰে সম্বৰ্দ্ধনা জনাই প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখি কোনে ভাবিব যে তেৱেঁই ঘৰত এনে সাংস্কৃতিক পৰিৱেশ অনাত বাধা দিছিল? কোনে ভাবিব যে এইসকল পুৰুষেই ‘লাও যিমানেই ডাঙৰ হওক, পাতৰ তল’ বুলি কৈ কৈ ঘৰৰ মহিলাৰ প্ৰতি কলিতে মৰহি যাবলৈ এৰি দিছিল? ‘স্ত্ৰীনাং চৰিত্ৰাং’ ভগৱানেও নাজানে বোলাতকৈ ‘পুৰুষাং চৰিত্ৰাং’ নজনা বুলিলেহে শুৱায়। এতিয়াও বহুত মহিলা আছে, লেখিকা আছে, যি সকলৰ প্ৰতিভা বনৰীয়া ফুলৰ দৰে স্বীকৃতিবিহীন হৈ এটি ঠেক পৰিশৰতে সুৰভি বিলাই আছে ⸺ সমাজ তথা পুৰুষৰ বলি হৈ।

 কিন্তু সকলো একে নহয়। কিছুমান স্বামীয়ে নিজে নিলিখিলেও

(৬০)