পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘আই ঐ দেহি! অমুকলৈ বেয়া লাগে। বিয়া কৰায়ো সুখেৰে ভাত এমুঠি খাবলৈ নাপায়। ঘৈনীয়েকে কিতাপ, লাইব্ৰেৰী, লিখা লৈ ব্যস্ত থাকিলে কেনেকৈ হয়? আমাৰ ‘এওঁ’ তাকে কয় বোলে ‘লেখিকা’ ‘সাহিত্যিকা’ বিয়া নকৰাই ভালেই কৰিলো।’ তাৰ পিচত আক’ যেতিয়া সেই ‘লেখিকা' ‘সাহিত্যিকা’ গৰাকীৰ ছবি কিবা বিশেষ উপলক্ষত কাগজত ছপা হ'ব, তেতিয়া স্বামীজন গৌৰৱান্বিত হ’ব। আৰু সেই গৰাকী প্ৰতিবেশীৰ স্বামীয়ে তাকে কৈ প্ৰশংসা কৰোতে প্ৰতিবেশী গৰাকী ঈৰ্ষান্বিত হব। ক্ষুন্ন হৈ ভোৰ ভোৰাব ⸺ ‘অকল এই চাহ - ভাত সোপা কৰি থকাতকৈ ময়ো কিবা এটা কৰাই ভাল আছিল। মোৰও তো নিজা প্ৰতিভা এটা নিশ্চয় আছিল! এওঁলোকৰ লগতে চব্ শেষ কৰি দি এতিয়া আক’ এওঁৰ মুখতেই আন মহিলাৰ প্ৰশংসা শুনিব লগীয়া হ'ল।’

 এগৰাকী লেখিকাৰ স্বামী সাহিত্যিক নহওক, লেখকো নহওক, কিন্তু অকণমান হ'লেও সাহিত্য অনুৰাগী হ'ব লাগে। একেবাৰে সাহিত্য বিৰাগী হ’লে কিন্তু ভীষণ আহুকাল! তেনে সাহিত্য বিৰাগী স্বামী এজনৰ পত্নী গৰাকীৰ আক’ সৰুৰে পৰাই লিখাত বৰ ৰাপ। পঢ়াতো। কিন্তু তেওঁ কিতাপ বা কাগজ কলম হাতত ল'লেই বোলে স্বামীজনৰ অসহ্য হয়। কয় বোলে ইমান সাহিত্যিকাই আছিল যদি সাহিত্যিক এজনকে বিয়া কৰাব

লাগিছিল। এতিয়া তেওঁ লেখা - পঢ়া থৈ ঘৰ - সংসাৰত মনপুতি লগাহে উচিত। যদিও পত্নী গৰাকীয়ে ঘৰৰ সকলো কাম - কাজ ৰন্ধা - বঢ়াৰ লেঠা - পিঠা মাৰিহে লিখাত বহে। যিদিনাই পত্নীক অধ্যয়ণৰত অৱস্থাত স্বামীয়ে দেখেহি, সেইদিনাই তৰকাৰীখনত লোণ বেছি পায়। মাছৰ আঞ্জাখন সেৰ্ সেৰীয়া হয়। ভাতবোৰ ভাত পিঠাৰ দৰে লাগে হেনো। মাংসৰ জোলখন ‘মাংসৰ’ বুলি কৈ নিদিলে বোলে জনাৰ উপায় নাথাকে। অসন্তুষ্ট ফুলা মুখেৰে তেওঁ পত্নীক শুনাই যায় বোলে তেওঁ নিলিখিলে অসমীয়া সাহিত্যৰ

(৫৮)