ল'ৰা ছোৱালীয়ে মাকৰ কলমটোকেই হাতত লৈ যায়। কিন্তু হাজাৰ প্ৰয়োজন হলেও দেউতাকৰ কলমটো তেনেকৈ চুবলৈ সাহ নকৰে।‘কিজানিবা দেউতাৰ দৰ্ কাৰ হয়’ কথাটো যেনেকৈ ভাবে,‘মা–ৰ দৰকাৰ হ'ব পাৰে’ বুলি নাভাবে। যেন আহি ঘূৰাই দিলেও মাকে লিখিব পাৰিব। ঘৰখনৰ প্ৰত্যেকৰে ৰুচি-অভিৰুচি, অভাৱ অভিযোগৰ প্ৰতি মহিলা গৰাকীয়েই চকু দিব লাগে। চকু দিব লাগে কাম কৰা ল’ৰা - ছোৱালীয়ে কিবা জুঠা কৰিলে নেকি, কিবা ভাঙিলে - ছিঙিলে নেকি বুলি। তদুপৰি ৰ'দত দিয়া লেপ-তুলিত ছাঁ পৰিল নেকি, চাউল - দাইলৰ হিচাব ঠিকে আছে নে নাই, গাখীৰত পানীমিহলালে গুৱালক সতৰ্কবাণী শুনোৱা, ধোবাৰ ঘৰৰ কাপোৰ গোটেইবোৰ আহিল নে নাই, ইলেকট্ৰিকৰ বিল দিয়া হ'ল নে নাই, ল'ৰা - ছোৱালীৰ চাৰ্টৰ এৰাই যোৱা বুটাম লগোৱা, চিলাই এৰোৱা ফ্ৰিল ডাল লগাই দিয়া, ইষ্ট্ৰি কৰি গোটেই ঘৰখনৰ কাপোৰ পৰিপাটিকৈ থোৱা, ফুলদানীৰ শুকাই যোৱা ফুল সলাই দিয়া, ল'ৰা - ছোৱালীৰ স্কুলৰ ‘ৱৰ্কচ, এক্সপিৰিয়েন্স’ৰ কাম কৰি দিয়া, গেছৰ বাবে অহা যোৱা কৰা, কেৰাচিন বিচৰা আদি এশ এবুৰি কামৰ মাজত ‘মুড্’ আহিলেও বহি লিখিবলৈ সময় পোৱা নাযায়। চিন্তাবিদ বুলি ঘৰুৱা কামত ৰেহাই পোৱা মহিলাৰ ক্ষেত্ৰত দেখা নাযায়। কেতিয়াবা অকণমান সময় উলিয়াই লিখাত মনোনিবেশ কৰোঁতেই হয়তো আলহী আহিব বা ল'ৰা-ছোৱালীৰে কাৰোবাৰ কিবা এটা প্ৰয়োজন হ’ব। আপুনি লিখিবলৈ লোৱা শাৰীটোকে পূৰণ কৰিব নোৱাৰি উঠি আহিব লাগিব। যিমানেই বুজন স্বামী নহওক, তেওঁৰ চাহ খাবৰ মন যোৱা সময়ত (লিখা সময়টোৱে প্ৰায়ে চাহ খাবৰ মন যোৱা সময় হয়) চাহ কাপ খুজিবই। সেই কাপ চাহ আক’ চাকৰ - নাকৰৰ হাতত পঠালে আৰু এটা বেলা তেখেতৰ অভিমান ভাঙাতেই আপোনাৰ খৰছ হ’ব। গতিকে উঠি গৈ চাই একাপ দি অহাটোৱেই ভাল বুলি
ভাবিব। তথাপি ওচৰ - পাজৰৰ বা সম্বন্ধীয়া মানুহে ক'ব ⸺
( ৫৭ )