ওলোৱা নাই। যি তাকৰ সংখ্যা প্ৰসিদ্ধ হোৱাৰ পথত বা হৈছে, তেওঁলোকেও হয়তো তেওঁলোকৰ ইচ্ছানুযায়ী সকলে পৰিধি সামৰি লিখনি হাতত ল'বলৈ সমৰ্থ হোৱা নাই।
কিবা এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত লিখিবলৈ হ'লে পুৰুষসকলে যেনেকৈ সেই ঠাইলৈ গৈ পুঙ্খানুপুঙ্খ ভাৱে অধ্যয়ন কৰি, বিষয় বস্তুৰ ওপৰত গৱেষণাৰ নানান আহিলা গোটাই চিন্তা - চৰ্চ্চা কৰি সুন্দৰ ভাৱে লিখিব পাৰে, মহিলাসকলৰ বাবে তেনেকৈ গৈ লিখাৰ সমল গোটোৱা আৰু চিন্তা - চৰ্চাৰে পৰিবেশ সৃষ্টি কৰা প্ৰায় অসম্ভৱ। তদুপৰি লেখক সকলৰ সচৰাচৰ লিখাৰ বাবে নিৰিবিলি কৈ আছুতীয়া একোটা কোঠালি থাকে, কিতাপেৰে ঠাহ খোৱা কিছুমান আলমাৰী থাকে, লিখাৰ বাবে আৱশ্যকীয় সা - সজুলি সকলো পৰিপাটিকৈ হাত দিলে পোৱাকৈ থাকে। সেইটো কোঠালিত লেখক জন যেতিয়া অধ্যয়নৰ ও অৱস্থাত থাকে— তাত আন কোনেও আমনি নকৰেগৈ, পত্নীয়ে মাজে মাজে গৈ গৰম চাহৰ যোগান ধৰে। ল'ৰা - ছোৱালীবোৰেও হাই - উৰুমি নকৰি সন্তৰ্পনে কথা কয়। আলহী - অতিথি আহিলেও ‘study room ত আছে বুলি ঘৰৰ আন সকলে সোধ - পোছ কৰি বিদায় দিলেও দোষৰ কথা নহয়। তেওঁলোকে ঘৰখনৰ অভাৱ অভিযোগ প্ৰতি মন - কাণ নকৰিলেও চলে, কাৰণ চিন্তাবিদ লেখক হিচাবে তেওঁলোকৰ চিন্তা এইবোৰৰ বহু উৰ্দ্ধৰ বুলি সমীহ কৰিহে চলা হয়। মুঠতে এজন লেখকে সম্পূৰ্ণ মনোযোগিতাৰে আৰু একানপতীয়া ভাৱে লিখা - পঢ়া কৰিব পাৰে।
কিন্তু লেখিকাৰ ক্ষেত্ৰত? আছুতীয়া কোঠালি বাদেই, নিজাকৈ লিখা-পঢ়া কৰা মেজ এখন থাকিলেও তাত স্বামীৰ চিগাৰেটৰ বাকচৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা - ছোৱালীকেইটাৰ পুতলা, জোতালৈকে উঠি থাকিব। পঢ়িবলৈ যতনাই থোৱা কিতাপ জীয়েক, পুতেক, জীয়েকৰ বান্ধৱী, পুতেকৰ বন্ধু সকলোৰে ঘৰলৈ যাব। স্কুল কলেজলৈ যাবৰ সময়ত কলম বিচাৰি নোপোৱা
(৫৬)