সমললৈ যাওক

পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যৌথ পৰিয়াল এটিৰ মহিলা এগৰাকীয়ে অন্য এগৰাকী মহিলাক তেওঁলোকৰ বেলতলাৰ নতুন ঘৰটো সম্পূৰ্ণ হোৱা বুলি কৈ কলে : “আমাৰ ফেমিলিটো তালৈকে যামগৈ।’ ওচৰতে চ’ফাৰ ওপৰত থিয় দি থকা তিনিবছৰীয়া জীয়েকে আনন্দত হাত চাপৰি বজাই বজাই ক’লে : বাঃ বাঃ আমি ফেমিলি প্লেনিং কৰি কৰি বেলতলালৈ গৈ থাকিম - গৈ থাকিম। নহয় মা?

 প্ৰচাৰ বিভাগৰ সৌজন্যতে এইবোৰ শব্দ অকণ -অকণিহঁতৰ মুখত শুনিবলগীয়া হয় যদিও, আলহী - অতিথিৰ আগত লাজত পৰাৰ দায় - দায়িত্ব আপোনাৰহে।

 

লেখিকাৰ সমস্যা

 

 আমাৰ লেখিকা সকলৰ সমস্যা অসীম। তাহানিৰ লেখিকাসকলৰ চাগৈ এতিয়াতকৈও বেছি সমস্যা আছিল। তথাপি তাহানিৰেপৰাই স্ত্ৰীশিক্ষাৰ বহুল প্ৰচাৰ হোৱাৰ বহু পূৰ্বৰ পৰাই আমাৰ লেখিকা সকলে লিখিছে। দহো বন কাটি কৰি, অনেক দুখ-কষ্ট সহ্য কৰি, শহুৰ - শাহু দেৱৰ-ননদৰে ভৰা ঘৰ এখনৰ হেতা হাতৰ পৰা এৰিবলৈ আহৰি নোপোৱা সময়তো তেওঁলোকে ছেগ বুজি কলম হাতত লৈছে। মনৰ ভিতৰত গুজৰি গুমৰি থকা ভাৱবোৰক কবিতা, গল্প, ভাষাৰে, প্ৰকাশ কৰিছে। আচলতে নিলিখি, নোৱাৰে বাবেই লেখিকাই লিখে।

 আমাৰ লেখিকাসকলৰ সংখ্যা কিন্তু এতিয়াও তুলনামূলক ভাৱে আঙুলি মূৰত লেখিব পৰা। ইয়াৰ কাৰণ মহিলাসকলৰ মাজত প্ৰতিভাৰ অভাৱ নহয়, অভাৱ পৰিবেশৰ। সেইকাৰণেই লেখক সাহিত্যিক সকলৰ সংখ্যা অনুপাতে লেখিকা সাহিত্যিকা

(৫৫)