কাণেৰেও, নুশুনে চকুৰেও নেদেখে। কথাবোৰ চব্ পাহৰি পাহৰি যায়।’
মাকৰ আঁচলত ধৰি ধৰি নাইনাই পেথেনিয়াই আছে, কৃষ্ণ কেচুৱা আৰু ডেকা হোৱা ছবি যে আছে, বুঢ়া হোৱা এখন কিয় নাই।
দুৰ্গাপূজাৰ গোঁসানী চাই পূজাৰ মেলাৰ পৰা কিনি অনা বস্তু এসোপা দুহাতেৰে গবা মাৰি ধৰি আনি চাৰে তিনিবছৰীয়া পম্পী ‘ফায়াৰ’। পুতলা - চুতলাবোৰ বিছনালৈ দলিয়াই দি খঙেৰে চকুকেইটা ঘোপা কৰি ক’লে ⸺ ‘গোঁসানীয়ে হ’লে নিজে দহখন হাত লৈছে ⸺ আমাক হ’লে দুখন হাতহে দিছে। পূজাৰ বস্তু-চস্তু লবলৈ আমাৰ দিগ্দাৰ নহয় নেকি কিবা! তেওঁ তো আৰাম চে’ বহিয়ে থাকে। তেওঁ দুখন হাত লৈ আমাক দহখন দিব নোৱাৰে?’
বায়েকৰ লগত শুকেশ্বৰ মন্দিৰলৈ যোৱা কঙ্কুৱে সোমাওঁতে বায়েকক মঙ্গল ঘণ্টাটো বজোৱা দেখি সুধিলে : ‘এইটো বা! ঈশ্বৰৰ কলিং বেল নেকি? হিঃ হিঃ ইমা–ন ডাঙৰ!!”
বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত চি, আৰ, পি বোৰে মানুহবোৰক লাঠি বন্দুকেৰে খেদি অহা দেখি চাৰিবছৰীয়া মুঙ্কুৱে দেউতাকক সুধিলে : ‘জয় আই অসম'টো চি আৰ্ পিৰ জোকোৱা নাম নেকি দেউতা? সেই বুলি চিঞৰিলেইচোন মাৰিবলৈ খেদি আহে।’
এইবোৰ প্ৰশ্নৰ বাৰু কিবা এটা উত্তৰ দিব পাৰি। কিন্তু মোৰ প্ৰতিবেশীৰ ল’ৰাটোৰ প্ৰশ্নটো?? মোৰ প্ৰতিবেশীৰ চাৰি বছৰীয়া ল’ৰাটোৱে মাকে ‘মাইনা’ এটা আনিবলৈ বুলি হস্পিটেলত থকা কথা জানে। মাকক চাহ ভাত দিবলৈ সিও দেউতাকৰ লগত হস্পিটেললৈ অহা - যোৱা কৰিছিল। মাকৰ ডেলিভাৰী ডে’ট’ পাৰ হৈ যোৱাত চিন্তিত দেউতাকে সেই বিষয়ে ডক্তৰ এগৰাকীৰ লগত পৰামৰ্শ কৰোঁতে কথাৰ মাজতে গম্ভীৰ ভাৱে সি ডাঙৰকৈ সুধিলে : ‘‘মায়ে বাৰু ‘নিৰোধ’ খাইছিল নেকি দেউতা?’ হতভম্ব দেউতাকৰ মুখখন দেখি সঁচাকৈয়ে পুতৌ হৈছিল।
(৫৪)