পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাণ্ড কিন্তু ডাঙৰৰ পৰাহে শিকিছে বুলি ক'ব নোৱাৰে। উদ্ভট কথা একোটা নিজে নিজেই উদ্ভৱ কৰে। অৱশ্যে যুগৰ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।

 আমাৰ চুবুৰীলৈ নতুনকৈ অহা মিঃ স্মিথৰ তিনিবছৰীয়া ল’ৰাটোক নাম সোধেতে সি ‘জন ড’ণ্ট’ বুলি কৈছিল। অবাক হৈ মাকলৈ চাওঁতে মাকে হাঁহি হাঁহি কৈছিল বোলে ল’ৰাটো ভীষণ দুষ্ট। অনবৰত কিবা নহয় কিবা ভাঙি - চিঙি, লণ্ড - ভণ্ড কৰি অথন্তৰ ঘটাই থাকে। অকলশৰীয়া মাকে কাম কৰি থাকোঁতে, তাৰ পিচে পিচে লৱৰি ফুৰিব নোৱাৰে বাবে সি কি কৰিছেনেদেখাকৈয়ে নিৰ্দিষ্ট মুহুৰ্ত্ত একোটাৰ মূৰে মূৰে ‘জন ড’ন্ট’ (জন নকৰিবা) বুলি চিঞৰি থাকে। সেইকাৰণে তাৰ নামটোৱেই সি ‘জন ড’ন্ট’ বুলি ভাবে।

 এজনী সাত বছৰীয়া ছোৱালীক মাকে ‘সূৰ্য পুব ফালে উদয় হয়’ কথাষাৰ ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিলে। ছোৱালীজনীয়ে ‘দা চান ৰাইজ্ ইন্ দি ইষ্ট’ লিখাত মাকে ক'লে — ‘চান্ হলে ৰাইজ্ হ’ব জানো? কি হ’ব কোৱাচোন ভালকৈ ভাবি! চান ৰাইজ হ’বনে? মাকৰ কোলাত বহি থকা দুবছৰীয়া ল'ৰাটোৱে লগে লগেই কৈ উঠিল ‘ৰাইজ সকল হে হ’ব, নহয় মা!’

 ক ফলা পঢ়িবলৈ লোৱা অকনি এটিয়ে আক’ পৃষ্ঠাটোত ‘শ’ ‘য’ ‘স’ তিনিটা দেখি পেঞ্চিলেৰে পাতখনত ফুটা কৰি তাৰে দুটা নাইকিয়া কৰি দিলে। তাক বোলে এটা হলেই হ’ব বাকী দুটা নালাগে। এইবোৰত বাধা নিদি পাৰিবনে?

 পাঁচ বছৰীয়া ৰুন্ টিয়ে দেউতাকক চকু কেইটা ঘোপা কৰি সুধিছে — পি, ইউ, টি যদি পুট্ কোৱা বি, ইউ, টি বুট্ নকৈ ‘বাট্’ কৈছা কেলেই? তোমাৰচোন কথাৰে ঠিক নাই।

 কণমানি মাইনাই যেতিয়া আইতাকৰ পৰা জানিলে — সেই একেজন ঈশ্বৰেই আইতা সৰু থকাৰ পৰা এতিয়ালৈকে আছে, বিজ্ঞৰ দৰে তাই ক'লে — ‘অ’ এতিয়াহে বুজিছো! সেইকাৰণেহে

(৫৩)