পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিশু মনোবিজ্ঞানীয়েও হয়তো তাকেই কয়।

 কিন্তু আজিকালিৰ ল'ৰা - ছোৱালীবোৰে এবছৰ ডেৰবছৰৰ পৰাই অনুসন্ধিৎসুৰ নামত যি অত্যাচাৰ চলায় ‘নকৰিবা’ বুলি নোকোৱাকে পাৰিবনে? দামী পুতলা এটা কিনি আনি খেলিবলৈ হাতত দিয়াৰ লগে লগেই দেখিব এক পলক চায়েই হাত মূৰ-বোৰ আজুৰি আজুৰি চিঙি পেলোৱা খেলা খেলিছে।' কেনেকুৱা লাগিব কওঁকচোন! ‘নাভাঙিবা’ বুলি ক'বৰ, মন নাযাবনে? ডেৰশ, দুশ টকাৰ ধুনীয়া বাছ এখন বা ৰেলগাড়ী এখন দুবাৰমান চলায়েই মৰিয়াই খটিয়াই চকা লাইটবোৰ ভাঙি পেলোৱা দেখি কিছুমান মাক - দেউতাকে ‘ভিতৰত কি থাকে পুঙ্খানুপুঙ্খ ভাৱে চাইহে এৰে, ভবিষ্যতে ইঞ্জিনীয়াৰ হ’ব’ বুলি ক'লেও আনৰ ল’ৰা- ছোৱালীয়ে ভাঙিলে আলহী যোৱাৰ পিচতেই বকে— ‘এনে কছুগুটি ল'ৰা এইবোৰ। বস্তুবোৰ যেনেকৈ ভাঙি চিঙি সাং কৰিলে, ভবিষ্যতে ধ্বংসাত্মক কাৰ্যত লিপ্ত হোৱাৰহে লক্ষণ এইবোৰৰ।’

 পুতলা, খেলা বস্তুবোৰৰ অৱস্থাতো আধা নাই কৰেই, টি ভি ৰেডিঅ’ ঘড়ীৰ অৱস্থা? ‘নব্’ পকাবলৈ পালে পকায়েই থাকে। ‘নুচুবা’ বুলি নকৈ নোৱাৰি। ক’লেও আক’ যি পকা পকা কথা! আধা ফুটা মাতেৰেই হুঙ্কাৰ দিব ‘গুলি মাৰি দিম, বন্দুক দেখা নাই? অকমানি অবয়বটোৰ সৰু সৰু চকুকেইটাত যুদ্ধং দেহি মনোভাৱ দেখিলে হাঁহিও উঠে খঙো উঠে। পিচে, ‘গোঁসাই থকা’ইনো ইমান পকা পকা কথা কয় কেনেকৈ? ‘নকৰিবা বুলি ন’কৈ সিহঁতৰ এনে মনোবিকাশৰ উৎকৰ্ষ সাধন কৰিবলৈ গ'লে ঘৰত গোটাকৈ বস্তু একো নাথাকিব — বস্তুৰ আৰু কিতাপ বহীৰ অৱশিষ্ট ভগ্নাৱশেষবোৰহে থাকিব।

 আজিকালিৰ অকনিহঁতৰ চকু - কাণ কেউফালে সজাগ। বুদ্ধিও আগৰবোৰতকৈ প্ৰখৰ। পৰিপক্ক। সেয়ে চাৰিওফালৰ পৰিবেশৰ নানা ধৰণৰ কথা কাম আয়ত্বও কৰে যথেষ্ট আৰু বুজা নুবুজাকৈ তাৰ ব্যৱহাৰ য’তে ত’তে কৰিহে এৰে। সকলো কথা

(৫২)