পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কন্যাসকলেহে ৰাখিবলৈ যত্নপৰ হয়। এনেকৈয়ে জানো পিতৃৰ সু নাম ৰাখিলে বংশ ৰক্ষা কৰা নহয়? সুনাম আৰু পৰম্পৰাগত আদৰ্শ জলাঞ্জলী দিও মাত্ৰ পুত্ৰ – নাতি — আজোনাতি বুলি বংশ গৌৰৱ কৰাৰ দিন এতিয়াও আছে জানো?

 সেয়ে কন্যাসন্তান জন্ম হ'লে এটি অতি মূল্যৱান ৰত্ন লাভ কৰা বুলি উচ্চমন্যতাত সগৌৰৱে আনন্দত আত্মহাৰা হোৱাহে উচিত। ‘দশ পুত্ৰ সম কন্যা’ৰ সত্যতা কন্যা জন্মতে সকলোৱে উপলদ্ধি কৰিলে পিচৰ জীৱনত ‘নাৰী মুক্তি’ ‘নাৰী জাগৰণ’ বুলি টেটু ফালি চিঞৰাৰ আৱশ্যক নাথাকিব।

 

অবোধ মনৰ নিৰ্বোধ প্ৰশ্ন

 

 কণ কণ শিশুবোৰ দেৱশিশু বুলিয়ে কোৱা হয়। অন্ততঃ পাঁচ বছৰ বয়সলৈ তেওঁলোকৰ গাত ‘গোঁসাই’ থাকে বুলি আইতাহঁতে কয়। এই সময়তে ল’ৰা - ছোৱালীবোৰ বোলে খুব সুক্ষ্মদৰ্শী হয় — অনুকৰণপ্ৰিয় হয় আৰু হয় অনুসন্ধিৎসু মনৰ। প্ৰতিটো কথা জানিবৰ বাবে, প্ৰতিটো বস্তুৰ নাম, প্ৰয়োজন আৰু ব্যৱহাৰ বুজিবৰ বাবে, প্ৰতিপদ বস্তু চুই চাবৰ বাবে সিহঁত উদ্বাউল। শুই উঠাৰ পৰা শোৱালৈকে বস্তু - বাহানি টনা আজোৰা কৰি, অ'ৰ বস্তু ত’ত থৈ নানান প্ৰশ্ন সুধি সুধি ডাঙৰ সকলক ব্যতিব্যস্ত কৰি তোলে। আইতাহঁতে কয় এয়াই শিশুৰ মনোবিকাশৰ প্ৰথম পৰ্যায়!গতিকে ‘নুচুবা’ নকৰিবা’ ন'ল'বা’ ‘মনে মনে থাকা’ বুলি ক'ব নাপায়। খং কৰিবতো নালাগেই আমনি পাবও নালাগে। সকলো বস্তুৰ বিষয়ে ভালদৰে বুজাই মেলি দিব লাগে। সকলো প্ৰশ্নৰে সহজ উত্তৰ দি বুজাই ক'ব লাগে।

(৫১)