পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিব - ‘অন্যায় কৰা যেনেকৈ পাপ, অন্যায় সহি থকাটোও একেই পাপ।’ ছোৱালীৰ ক্ষেত্ৰত আক’ ‘বোবাৰ শত্ৰু নাই আই! সহিলেই সম্পদ নসহিলেই বিপদ।’ এইবোৰ বিভ্ৰান্তিকৰ উক্তিয়েহে ছোৱালীক অৱলা কৰে। অসহায় কৰি এটা যেনে তেনে পোৱা আশ্ৰয় অৱলম্বনৰ চিন্তা আনি দিয়ে। তদুপৰি বিয়াৰ পিচত ল’ৰাই যদি কৰ্ত্তব্য জ্ঞান পাহৰি যায়, আমি দোষ দিওঁ বোৱাৰীজনীক। কওঁ ‘ল’ৰা হাত কৰি ললে। কিয় ⸺? ল'ৰাৰ সেই জীৱনজোৰা শিক্ষা আদৰ্শ - ব্যক্তিত্ব ক’লৈ গ'ল তেতিয়া? ঘৰ থান বান্ হলেও দোষ পৰে বোৱাৰী বিলাকৰ গাত। কিয়? বেলেগ পৰিবেশৰ পৰা অহা বোৱাৰীক ল'ৰাই যদি নিজ ব্যক্তিত্বৰ প্ৰভাৱেৰে গঢ়ি ল'ব নোৱাৰে, 'নিজ ককাই - ভাই, পিতৃ-মাতৃক যদি ভুল বুজি অৱহেলা কৰে, দোষ ল'ৰাটোৰ নহ’ব কিয়? বোৱাৰীৰ কিয় হ’ব? অথচ বহুতো অভিভাৱকে ল’ৰাক অত্যাধিক খৰছ কৰিও দূৰৰ দামী নামী স্কুলত পঢ়ায় আৰু ছোৱালীক কোনো-মতে পঢ়াৰ নামত অহা যোৱা কৰিলেই হ’ল' জাতীয় ভাৱেৰে কম খৰছতে হোৱা যি কোনো স্কুল এখনতে দি দিয়ে। তদুপৰি ঘৰত এগছ কুটা দুগছ নকৰাকৈ ল’ৰাই সকলো সা - সুবিধা আমোদ প্ৰমোদ উপভোগ কৰি পঢ়া-শুনা কৰে। ঘৰলৈ আলহী অতিথি আহিলে ল’ৰা পঢ়া কোঠাৰ পৰা ওলাই নাহিলেও কোনোৱে বেয়া নোবোলে। বৰঞ্চ পঢ়াত মনোযোগী বুলি প্ৰশংসাহে কৰে। কিন্তু ছোৱালীয়ে পৰীক্ষাৰ ওচৰতো পঢ়াৰ পৰা উঠি আহি মাতষাৰ নিদিলে ‘ভীষণ অহঙ্কাৰী’ ‘অভদ্ৰ’ বুলি কয়। ছোৱালীবোৰে নিজেও ঘৰুৱা কাম - বনত সহায় কৰি দিয়ে — দিবও লাগে। ইমানৰ পিচতো দেখা যায় - ল ৰাতকৈ ছোৱালীয়েহে খেলা ধূলা পঢ়া-শুনাত অধিক মেধাৰ পৰিচয় দিছে। আজিকালি সকলো ক্ষেত্ৰতে কন্যা সন্তানৰ পাৰ্গতালিহে বিশেষভাৱে চকুত পৰে। দেউতাকৰ ডাক্তৰী ব্যৱসায়, ওকালতি, শিক্ষা বিষয়ক ব্যৱসায় বা যি কোনো পৰম্পৰাগত আদৰ্শ পুত্ৰতকৈ,

(৫০)