সৎ শুদ্ধ পথেৰে। নিজৰ নিৰাপত্তাও বিচাৰি ল'ব পাৰিব। এই দৃঢ়তা প্ৰত্যেক অভিভাৱকৰে থাকিলে দৰাপক্ষইহে আহি ছোৱালীৰ বাবে প্ৰাৰ্থনা জনাব। তেতিয়া ‘যৌতুক’ ‘পণ’ ‘বোৱাৰী পোৰা’ এইবোৰ আপোনা - আপুনি নোহোৱা হৈ যাব। টকাৰ আশাতে পুত্ৰসন্তানক চিৰকাল চিৰকুমাৰ কৰি ৰখাৰ মনো- ভাৱ নিশ্চয় কোনো পিতৃ মাতৃৰে নাথাকে। হীনমন্যতাত ভোগা ছোৱালীৰ পিতৃ-মাতৃয়ে দোষী দোষী ভাৱে বিয়াৰ বজাৰত দৰ- দাম কৰা বাবেহে এই লোভলগা প্ৰথা দৰাপক্ষই এৰিব পৰা নাই।' আচলতে কিন্তু ‘দশপুত্ৰ সমকন্যা' বুলি এজনী ছোৱালীৰ পিতৃ - মাতৃয়ে সগৌৰৱে বুকুফিন্দাই অহঙ্কাৰ কৰিবহে পাৰে। এই উচ্চমন্যতাই আনিব সাহস, সাহসে আনিব দৃঢ়তা আৰু দৃঢ়তাই আনিব সমাজলৈ সুন্দৰ পৰিবৰ্ত্তন। অসমৰ বাহিৰে ভাৰতৰ প্ৰায়বিলাক প্ৰদেশতে থকা এই অনন্ত সমস্যাটোৰ সমাধান প্ৰত্যেক নাগৰিকে নিজে বুজি নকৰিলে কোনো আইনে তাক কৰা সম্ভৱ নহয়। আইনৰ সুৰঙা উলিয়াই চৰু উদঙাই জোল খোৱাত সকলোৱে সিদ্ধহস্ত।
কন্যাসন্তানতকৈ পুত্ৰ সন্তানক অধিক প্ৰাধান্য দিয়াত পুৰুষসকলতকৈ কিন্তু মহিলা সকলৰহে দোষ বেচি। সৰুৰে পৰাই ল’ৰাবিলাকক কিবা বেলেগ ধাতুৰে গঢ়া যেন জ্ঞান কৰে। ল'ৰাবোৰৰ বাবে যেন সাত খুন্ মাফ্। লৰা দুষ্ট হলে ক'বঃ ‘ল’ৰা দুষ্ট থাকেই। সৰুতে দুষ্ট হোৱাই ভাল।’ কথাৰ মূৰত কথা ক'লে ক’ব : ‘বৰ ইন্টেলিজেন্ট, স’ৰ কথাৰে পেলাবই নোৱাৰি। ছোৱালী তেনেকুৱা হ'লে কিন্তু ক’ব : ‘ইমান লাও-পাত কছুপাত কিয় মুখখন? ছোৱালী মানুহ গহীন গম্ভীৰ হ’ব লাগে। ল'ৰাই ডাঙৰকৈ হাঁহিলে ক’ব ‘দিলখোলা হাঁহি সু-স্বাস্থ্যৰ লক্ষণ।’ ছোৱালীয়ে সেই মুকলিমূৰীয়া হাঁহিটো বান্ধৱীসকলৰ মাজত মাৰিলেও মাকেই সঁকিয়াব : ‘ইমান কুলক্ষণীয়া কিয়? ছোৱালী মানুহে ইমান ডাঙৰকৈ হাঁহেনে?’ উপদেশ
( ৪৯ )