পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুতুম্ব বন্ধু-বান্ধৱৰ মাজত ৰৌ–মাছ বিলোৱাৰ নিয়ম প্ৰচলিত আছে। কন্যা সন্তানৰ ক্ষেত্ৰত একো বিলোৱাৰ নিয়ম নাই কিয়? এই ভাৰততে এনে কিছুমান ঠাই আছে য'ত এতিয়াও কন্যা সন্তান জন্ম হলেই মাৰি পেলায় বা নৈত উটুৱাই দিয়ে। কিছুমান পিতৃয়ে হেনো মাতৃ সহ কন্যাটি এৰি গুছি যায়। যিখন ভাৰতত দেশক মাতৃ জ্ঞান কৰা হয় — যিখন ভাৰতত সৃষ্টিশীলা নাৰীক দেৱী জ্ঞান কৰা হয়, যিখন ভাৰতত গো-মাতা বুলিয়েই পূজা কৰা হয়, যিখন ভাৰতত মাতৃ জাতি নহ'লে বৈদিক যুগত যাগ-যজ্ঞই নহৈছিল — সেইখন ভাৰততে পৱিত্ৰ নাৰী জাতিৰ জন্মতে নৈত উটুৱাই মৃত্যু ঘটোৱা হয়? কি বিচিত্ৰ এই দেশ!! এইবোৰ কুপ্ৰথাৰ কথা যৌতুক প্ৰথা থকা ঠাইবোৰতেই সাধাৰণতে শুনা যায়। য’ত সতীদাহৰ দৰে যঘণ্য প্ৰথাও প্ৰচলিত। অশিক্ষাৰে ফল এই যৌতুক প্ৰথা। কিন্তু শিক্ষাই চুক - কোণ পোহৰাই তোলা বুলি বৰাই কৰা সময়তো কিয় এই অশিক্ষাৰ অন্ধকাৰ মানুহৰ মনৰ মাজত ৰৈ আছে? কিয় তথাকথিত উচ্চশিক্ষিত ধনী পৰিয়ালবোৰতো এই যৌতুকৰ লিপ্সা, পনৰ নিচা শেষ হোৱা নাই? আচলতে কন্যা সন্তানৰ পিতৃ - মাতৃৰ হীনমন্য়তাৰ বাবেই এই প্ৰথাই গা কৰি উঠিব পাৰিছে। কিয় পিতৃ - মাতৃ সকলে কন্যা সন্তানটিকো মাথোন সন্তান হিচাবেই সু-শিক্ষা দি সু - নাগৰিক কৰি গঢ়ি তুলিব নোৱাৰে? তেওঁলোকে নিজকে কন্যা দায় গ্ৰস্ত' বুলি নীচাত্মিকাত কিয় ভোগে? তেওঁলোকে কন্যাগৰাকীক বিয়া দি উলিয়াই দিয়াই একমাত্ৰ কৰ্ত্তব্য বুলি ভাবে কিয়? বিবাহেৰে উদ্ধাৰ কৰি দিবলৈ দৰাপক্ষৰ ওচৰত নতজানু হৈ কৃপা ভিক্ষা কৰাৰ সলনি কন্যা সন্তানৰ অভিভাৱকে যদি কন্যা সন্তানটিক সুশিক্ষিত কৰি, সাংসাৰিক জ্ঞান, আত্মসন্মানৰ জ্ঞান, ব্যক্তিত্ব আৰু স্বাৱলম্বী মনোভাৱৰ শিক্ষাৰে উপযুক্ত কৰি তোলাটোহে কৰ্ত্তব্য বুলি ভাবিলেহেতেন! তেতিয়া তেওঁলোকৰ অৰ্থনৈতিক সমস্যা ও নাথাকিব আৰু শিক্ষাৰে পোৱা ব্যক্তিত্বৰ পোহৰতে

(৪৮)