পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিব নোৱাৰে। বুঢ়া বয়সত সেৱা শুশ্ৰূষা! সকলো বৃদ্ধ পিতৃ-মাতৃয়ে এই সেৱা শুশ্ৰূষা পুত্ৰ সন্তান সকলৰ পৰাই পায় নে? প্ৰায়ে দেখোন ঘৰতে থাকিও পুত্ৰ সকল পৰ হৈ যোৱা আৰু দূৰত থাকিও কন্যা সন্তান সকলহে আপোন হৈ থকা দেখা যায়। তিৰোতাৰ দৃষ্টি সদায় অন্তৰ্মুখী, পুৰুষৰহে বহিৰ্মুখী। নাৰী মনৰ সহজাত অনুভুতিৰে কন্যা সন্তানসকল পিতৃ মাতৃৰ মানত মৰ্যদাৰ দুখ - দুখৰ প্ৰতি সততে সজাগ আৰু সচেতন। আৰু বংশ ৰক্ষা? পুত্ৰ – সন্তানৰ দৰে কন্যা সন্তানেও বংশ ৰক্ষা কৰিব পাৰে। ‘কুশ’ ছিঙি সম্প্ৰদান দিলেই ছোৱালীজনীৰ দেহৰপৰা পিতৃ-মাতৃৰ বংশৰ তেজ শেষ হৈ নাযায়। উপাধি সলনি কৰি স্বামী গৃহলৈ যাওঁতে পিতৃ - বংশৰ মান - মৰ্যদাৰ প্ৰশ্ন শেষ হৈ গ'ল বুলি কোনো ছোৱালীয়ে নাভাবে। বৰঞ্চ কন্যা সন্তান সকলেহে প্ৰকৃততে বংশ ৰক্ষা আৰু শিক্ষা - সংস্কৃতিৰ বাহন। তেওঁলোকে এখন ঘৰৰ শিক্ষা-সংস্কৃতি, আদৰ্শ আন এখন ঘৰলৈ কঢ়িয়াই নি পিতৃ - মাতৃৰ বংশৰ সমান অধিক উজ্জ্বলতৰ কৰি প্ৰসাৰহে কৰে। পিতৃ গৃহত সুশিক্ষা পাই অহা কন্যাটিয়ে বিবাহৰ পিচত দুয়োখন ঘৰ আপোন কৰি দুয়োখন ঘৰৰে মান-মৰ্যদা - আদৰ্শ ক্ষুন্ন ৰাখিবলৈ যত্ন পৰ হয়। সন্তান সকলৰ শিক্ষাৰ ভেটিও মাতৃ পৰাকীয়েহে গঢ়ি তোলে। পুৰুষসকলক কিন্তু পিতৃ ভেটিতে থাকিও ইমান মৰ্যদা সচেতন বা আদৰ্শ ৰক্ষাৰ বাবে আগ্ৰহান্বিত হোৱা সচৰাচৰ দেখা নাযায়। সেয়ে কয় নেকি-‘ডটাৰ্চ আৰ্ অলৱেইজ ডটাৰ্‌, বাট চন্চ আৰ্ চন্ আনটিল দেয়াৰ মেৰেইজ।’

 অথচ এই কন্যাসন্তানসকলেই জীৱনৰ প্ৰথম দুৱাৰ দলিত উজুটি খাব লগা হয় ছোৱালীহে হ’ল নেকি?’ বুলি। পুত্ৰ সন্তান জন্ম হলে আগৰ দিনত বোলে কাঁহ - উৰুলি - শঙ্খ - ঘণ্টা বজাই আনন্দ প্ৰকাশ কৰাৰ লগতে সগৌৰৱে জাননীও দিছিল। কন্যা সন্তান হলে নীৰৱ। এতিয়াও পুত্ৰ সন্তান জন্ম হলে আত্মীয়

(৪৭)