পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ছোৱালী?’ ‘ল'ৰা’ বুলি শুনিলে উৎসাহ - উদ্দীপনাত সকলো উৎফুল্ল হৈ পৰে। ‘ছোৱালী' বুলি শুনিলে কিন্তু এটা মুহুৰ্তৰ বাবে হ’লেও সকলো মৌন হৈ যায়। তাৰ পিচত এগৰাকীয়ে হয়তো কব : ‘হ’ব দিয়া, আজিকালিনো ল'ৰা কি ছোৱালী কি! সকলো সমান। ভালে কুশলে থাকিলেই হ'ল।’ কথাখিনিত কিন্তু বেদনাৰ সুৰ স্পষ্ট। আন এগৰাকীয়ে হয়তো কব : ‘ছোৱালীয়েই ভাল হেঁ! প্ৰথম সন্তানটি ছোৱালী হ’লে ঘৰলৈ লখিমী অহা বুলিয়েই ভাবিব লাগে।’ যেন এটি শান্ত্বনাৰ বাণী। ‘এৰা হেঁ! জৱহাৰলাল নেহৰুৰনো ক’ত ল'ৰা আছিল? ছোৱালীজনীয়েই কেনেকৈ বংশ ৰক্ষা কৰি গ'ল নেদেখিলা?’ জোৰ কৰি দুখ – ক্ষোভখিনি জোকাৰি পেলোৱাৰ প্ৰয়াস।

 কিন্তু কিয়? এই কন্যা সন্তান হোৱাৰ বেদনা মিশ্ৰিত হতাশা কিয়? আগৰ দিনৰ ৰজা - মহাৰজা সকলে দেৱতাৰ বৰ মাগী, যাগ - যজ্ঞ কৰি লাগী এলাগী অলেখ ৰাণী ৰাখিও পুত্ৰ সন্তান কামনা কৰিছিল। কাৰণ সেইদিনৰ বাবে সেয়াই স্বাভাৱিক। যুদ্ধ - বিগ্ৰহ, সিংহাসনৰ টনা আজোৰা, সুন্দৰী ৰাণী - ৰাজকুমাৰী দেখিলেই নিজৰ কৰি লোৱা অভিপ্ৰায়ে যুদ্ধ ঘোষণা ধৰণৰ কথা কাণ্ডবোৰত শাৰীৰিক শক্তি অতি প্ৰয়োজনীয় বাবে পুত্ৰ-সন্তানক প্ৰাধান্য দিয়াটো স্বাভাৱিক। তদুপৰি সেইসময়ত ছোৱালী অৰ্থনৈতিক দিশতো স্বাধীন নাছিল। কিন্তু এই যুগতো কিয়? কিয় এতিয়াও বহুতো সুশিক্ষিত পিতৃ - মাতৃক পুত্ৰ সন্তানৰ আশাৰে মাতৃগৰাকীৰ ভগ্ন স্বাস্থ্যলৈ ও আওকাণ কৰি ছয়-সাত গৰাকী কন্যা সন্তানেই জন্ম দিয়া দেখা যায়? কিয় বাৰু? পুত্ৰ সন্তানে নৰকৰ পৰা পিতৃ-মাতৃক উদ্ধাৰ কৰিব বুলি? 'পিণ্ড' দিবগৈ বুলি? বংশ বক্ষা কৰিব বুলি? নে আচলতে বুঢ়া বয়সত নিঠৰুৱা নহৈ সেৱা-শুশ্ৰূষা পোৱাৰ আশাত? ‘নৰক' আৰু পিণ্ডৰ দৰে কথা শিক্ষাৰ, এই মুকলিমুৰীয়া পোহৰত আন্ধাৰত জাহ যোৱা উচিত। কু-কৰ্ম কৰিলে এই পৃথিবীতে নৰক যন্ত্ৰণা ভোগ কৰি যাব লগা হ'ব। তাৰ পৰা কোনো পুত্ৰ-সন্তানে উদ্ধাৰ

(৪৬)