ছল দিয় কেলেই?’ মাহীয়েও নাক কোঁচালে। কঙ্কুৱে ফট্কৰে ক’লে : ‘তুমিচোন মা অথনি বক্তৃতাত কৈছিলা.......’ কথাটো শেষ হ’বলৈয়ে নাপালে। মায়ে কঙ্কুৰ গালত ঠাঁচ কৰে চৰ মাৰি দিলে। ফটুহঁত ভয়তে কান্দি দৌৰ মাৰিলে। কঙ্কুৱে ওঁঠ দুখন ফুলাই ফুলাই উচুপি উঠিল। মোৰ যে কেনেকুৱা লাগিল! ডিঙিটো বিষাই গ'ল। কোনোমতে কঙ্কুৰ হাতখনত ধৰি ক'লো ‘আহ, আমি নাযাওঁ। শিশু বৰ্ষলৈ মাহঁতেই যাওক।’ চকুপানীবোৰ মোৰো বাগৰি আহিল। ইমান সময় ষ্টিয়েৰিঙত বহি গোটই ঘটনাটো চাই থকা দেউতা এইবাৰ নামি আহি আমাক দুয়োটাকে দুহাতে সাৱটি ধৰি, মাহঁতক খঙত কিবা কিবি ক’লে! চকু মোহাৰি থকা হাতধনৰ আঙুলিৰ ফাঁকেদি মাৰ মুখখনলৈ চাই আচৰিত হ'লো। মেকআপ্ কৰা স্বত্তেও মাৰ মুখখন ইমান ক'লা পৰি গ’ল! দেখিবলৈ চোন বৰ বেয়া হৈছে।
ধেৎ তেৰি, আইতা - ককাদেউতাহঁত অহা হ’লে আমাক ক'ব পাৰিলেহেঁতেন কিনো হ’ল আচলতে কথাটো। মায়ে দিনত কোৱা কথা কিয় গধূলি পাহৰি গ'ল? কঙ্কুৱে মনত পেলাই দিয়া স্বত্তেও কঙ্কুক হে আক’ কিয় মাৰিলে? কোনো- দিনে খং নকৰা দেউতাই মাক কিয় খং কৰিলে?
এই আইতাজনী নাহিল নহয়! ভাল নালাগে!!
এই পক্ষপাতিতা কিয়?
এটি দেৱশিশু পৃথিবীত ভূমিষ্ঠ হোৱাৰ লগে লগেই পিতৃ -আত্মীয় - শুভাকাঙ্খী সকলৰ প্ৰথম প্ৰশ্ন : কি হ’ল? ল'ৰা নে
(৪৫)