পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোলে পিচদিনাৰ ফাংছনত দিব লগীয়া লেক্চাৰ।

 ‘শিশু বৰ্ষ’ৰ মিটিংখনত মায়ে বক্তৃতা দিছিল। আজিহে মই মাৰ লেক্চাৰ শুনিছিলো। মই’ কঙ্কু, ওচৰৰ ৰীমা, ঝুমা,বণী, জিন্তু সকলোৱে নতুন বৰ ধুনীয়া ধুনীয়া কাপোৰ, জোতা–মোজা পিন্ধি ফিট্ ফাট্ হৈ হলটোৰ আগৰ চকীবোৰত বহি আছিলো। মায়ে কোৱা কথাবোৰ ইমান ভাল লাগিছে! কৈছে – 'পিচপৰা, দুখীয়া, ধনী সকলো শিশুৱেই ঈশ্বৰৰ ফুলনিৰ এপাহ এপাহ ফুল। সকলোকে আমি আলফুলে সাৱটি লৈ সতেজ ভাবে ফুলিবলৈ আৰু সুগন্ধ বিয়পাবলৈ সুযোগ সুবিধা দিব লাগে। আমাৰ ল’ৰা - ছোৱালী আৰু বেলেগৰ ল'ৰা-ছোৱালী পৃথক বুলি কেতিয়াও সিহঁতৰ মনলৈ ভাব আনিব নালাগে ........।’ বাকীখিনি হাত চাপৰি বজোৱা বাবে মই শুনিব নোৱাৰিলো। গধূলিৰ ফাংশ্য়নৰ বাবে মাহঁতে কঙ্কু আৰু মোক আৰু এজোৰ এজোৰ নতুন সাজ পিন্ধাই দিলে। মই ফাংশ্য়নত গান গাম আৰু কঙ্কুৱে আবৃত্তি কৰিব। আমি আনন্দত পখিলাৰ দৰে উৰি ফুৰিছিলো। আমাৰ জেওৰাতে ধৰি গেৰেজৰ দাঁতিৰ পৰা ফ’টু, ফ’টুৰ ভায়েক তাৰু চঁপাকলিয়ে আমালৈ চাই আছিল। মই সিহঁতক নতুন কাপোৰ পিন্ধি ফাংশ্য়নলৈ যাবলৈ ওলাই আহিবলৈ ক'লো। আমাৰ গাড়ীতে যাবলৈও ক'লো। সিহঁত দৌৰি গৈ ঘৰত কৈ আহিল, কিন্তু কাপোৰ নসলালে। ক’লে বোলে সিহঁতৰ আৰু বেলেগ কাপোৰ নাই। মই সিহঁতক গাড়ীৰ ওচৰলৈ মাতি আনিলোঁ। কঙ্কুৱেও কথাটো ভাল পালে। সি ক’লে মা - মাহী - দেউতা আগৰ ছিটত আৰু আমি শিশুবোৰ পিচৰ চিটত উঠি শিশুবৰ্য চাবলৈ যাম।....... কিন্তু কিযে হৈ গ'ল। মাহঁত গাড়ীৰ ওচৰ আহি পাই আমাক গাড়ীত উঠিবলৈ ক'লে। মই ফ’টুহঁতক প্ৰথমতে উঠিবলৈ ক’লত মায়ে খঙত পোন্দোৱাকৈ চাই ক’লে — ইহঁতক ক’লৈ নিয়। ছিঃ দেখা নাই কিমান লেতেৰা কাপোৰ পিন্ধিছে। ইহঁতক ইমান

(৪৪)