থকা কেইদিন আমাৰ কি ফুৰ্ত্তি হয়! ককাহঁতৰ আগততো মায়ে আমাক খং কৰিবই নোৱাৰিছিল। মাহঁতে বজাৰ কৰিছিল আৰু আমি গাড়ীত বহি বহি আইচ্ ক্ৰিম খাইছিলো।..........এঃ এতিয়ানো এইবোৰ মনত পৰিলে কি হ’ব? আইতা - ককাহঁততো নাহিলেই! মনিমাহীহে আহিছে অকলে। কৈছে আইতা বোলে শিশুবৰ্ষৰ বাবে ব্যস্ত।
মা আৰু মনিমাহীও শিশুবৰ্ষৰ কাৰণে খুব ব্যস্ত আছে। আগেয়ে মনিমাহী আহিলে মায়ে চিনেমা চোৱা, বজাৰ কৰাৰ উপৰিও বহুত ৰাতিলৈকে ইংলিছ মিউজিক শুনে। এইবাৰ পিচে সময়েই পোৱা নাই। বহুত ঠাইত বহুত ফাংশ্য়ন পাতিছে তো! এইটো বছৰ মানে ১৯৭৯ চনটো বোলে সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ বাবে চৰকাৰে দি দিছে। আমাৰ যি ইচ্ছা। কথাটো মই আমাৰ ওচৰত থকা চকিদাৰৰ ল’ৰা ফ’টু আৰু আমাৰ পিচফালে থকা গোলাপী বাইৰ ছোৱালী চঁপাকলিকো কৈছিলো। সিহঁত যে কি! একো নাজানে পাই! মই কওঁতে সুধিছিল তাত খাবলৈ দিব নেকি বুলি।
মা আৰু মাহী ফাংশ্য়নবোৰৰ বাবে ব্যস্ত থকাত মই আৰু কঙ্কুৱে ইচ্ছামতে কাম কৰিছোঁ। স্কুলৰ পৰা আহি হ’মৱৰ্ক কৰি উঠি বাহিৰত খেলিছো। ফ্ৰিজত থকা আইচ্ ক্ৰিম ঘনে ঘনে খাইছোঁ। ফটু আৰু চঁপাকলিকো দিছো। মাহঁতে নাজানে। জানিলে খং কৰিব।
মাহঁতৰ ক্লাবটোয়ে শিশুবৰ্ষৰ বাবে কিবা কিবি প্ৰগ্ৰেম কৰিছে বোলে। মিটিং - চিটিংবোৰ কেতিয়াবা আমাৰ ঘৰতো হয়। মায়ে মনিমাহীক সহায় কৰিবৰ বাবে মাতি আনিছে। মানুহবোৰে কথা কয়। হাঁহে। চাহ - মিঠাই খায়। ৰাতি আমি বিছনাত উঠাৰ পিচতো মা - মাহীয়ে লগ লাগি কিবা লিখে। কিতাপ - চিতাপো মেলি লয়। ৰেডিঅ' শুনি থকা দেউতাকো মাজে মাজে কিবা কিবি সুধি লয়। কঙ্কুৱে কৈছে সেইবোৰ
(৪৩)