পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘খাবা আক’। সি লগে লগে ক’লে বা আৰু দাদায়ে ভাল বুলিবলৈ মিছা কথা কৈছে। সিহঁতেও ঘোচ খাব। মইও খাম। চবেই খায়তো! কিয় নাখাম?’ মই হাঁহি হাঁহি কৈছিলো ⸺ ‘হওক তেও। এতিয়াই এটা সঁচা কথা কৈ থৈছে’।

 ঘৰখনৰ পৰিবেশৰ লগত ইও এটা বিপৰীত কথা। অৱশ্যে সি চাগে ঘোচ এটা বস্তু বুলি ভাবে। কিন্তু খায় যে জানে।

 ঘৰখনত আপুনি ‘মিছা কোৱা পাপ' বুলি যিমানেই সুস্থ পৰিবেশ এটা গঢ়িব নোখোজে কিয়? ⸺ নোৱাৰেগৈ। ‘আজিকালি মিছাৰে দিন' বুলি নিজে মিছা কথা কোৱাজনেও আনৰ কথা কৈ আক্ষেপ নকৰে। যেনেকৈ ‘সলনি’ শব্দটোৰ বাহিৰে সকলো সলনি হয়, তেনেকৈয়ে মিছা কথাৰ যে ঠেং চুটি সেইটো হ’লে সঁচা কথা। জোৰা লগাবলৈ যাওঁতে খোৰাব লগা হয়। খোৰাই যাওঁতে কেতিয়াবা হামথুৰি খাই পৰিব লগা হয়। পৰিলে কিন্তু একেবাৰে তলত ⸺ আপোনাৰ সন্মানে তুলি আনিব নোৱাৰাকৈ।

 

অবোধ মনৰ প্ৰশ্ন

 

 এই আইতাজনীও আৰু! বৰ বেয়া পাই! ভাল নালাগে!! শ্বিলঙলৈ আহিছিল। ⸺ মই ফ’নত ইমান ক’লো ইয়ালৈ আহিবলৈ নাহি আক’ অকল মনিমাহীক পঠাই তেওঁলোক দিল্লীলৈহে উভতি গ’ল। মই আৰু কঙ্কু কিমান অপেক্ষা কৰি আছিলো, কিমান ভাবি আছিলো ⸺ আইতা আহিব, আমাৰ বাবে ধুনীয়া ধুনীয়া মিঠাই আনিব, আচাৰ আনিব। ককাদেউতাই দেশ - বিদেশৰ বহুত ধুনীয়া ধুনীয়া সাধু ক’ব। ককা - আইতা আমাৰ ইয়াত

(৪২)