পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আপোনাক হাত কেৰেয়া কৰি থানালৈ নিনিয়ে যদি চাব। বিদেশীৰে দেশ ভৰি গ'ল বুলি সঁচা কথাষাৰ কওকচোন — আপুনি দেশদ্ৰোহী বা উগ্ৰজাতীয়তাবাদী আখ্যা পাব। মন্ত্ৰী হৈ ইমান বছৰে দেশৰ কি কি উপকাৰ কৰিলে সঁচা ক'বলৈ গ'লে আপোনাৰ সেপ ঢোকোঁতেই যাব। কথা একো বিচাৰি নাপায়। মিছা কথাৰ ফুলজাৰি মাৰি যাওক — দেশৰ কাৰণে আপুনি জীৱনটো উছৰ্গা কৰিছে। দেশ-সেৱাৰ নামত অমুক কৰিছে — তমুক কৰিছে, অচিৰেই অমুক কৰিব তমুক কৰিব — দেখিব হাত তালি আৰু ফুলৰ মালাৰ মাজত আপোনাৰ মন্ত্ৰী মন্ত্ৰী মনটোৱে অনৰ্গল ঢে'ৰ মিছা কথা কৈ যাব পাৰিছে।

 মোৰ বাইদেউৰ চাৰিবছৰীয়া ল'ৰাটো ৰঙা বগা সুন্দৰ স্বাস্থ্যৰ এটা ধুনীয়া ল'ৰা। প্ৰথম স্কুলত নাম লগাই দিয়াৰ কেইদিনমান পিচতে সমনীয়া বন্ধু এজনে সুধিলে : “তুমি বাৰু কি খোৱা? ইম্মান বগা তুমি! লগে লগেই সি উত্তৰ দিলে গহীনকৈ ⸺ ‘আমাৰ মায়ে আমাক সদায় সদায় ৰাতিপুৱা এগিলাছকৈ জেব্ৰাৰ গাখীৰ খুৱায়। আনটো ল’ৰাই ঘৰলৈ গৈ নিজৰ মাকক আব্দাৰ ধৰিলে সিও জেব্ৰাৰ গাখীৰ খাব। চাওকচোন, সুস্থ পৰিবেশ এটাত সেই চাৰিবছৰীয়া ল'ৰাটোৱে থিতাতে মিছাটো ক’বলৈ ক'ৰ পৰা শিকিলে। আন এটা ছবছৰীয়া ল'ৰা লগ পাইছিলো ⸺আঠবছৰীয়া ককায়েক আৰু দহবছৰীয়া বায়েকৰ লগত। মই যেতিয়া সুধিছিলো ⸺ ডাঙৰ হ'লে কোন কি হ'বা বুলি ⸺ বায়েক আৰু ককায়েকে যথাক্ৰমে ডাক্তৰ আৰু ইঞ্জিনীয়াৰ হ'ব বুলি কৈছিল। সৰু ল’ৰাটোক, সোধাৰ লগে লগে ক'লে ‘গৰমেন্ট (গভৰ্ণমেন্ট) হ'ম। নহ’লে ডাঙৰ চাকৰি এটা কৰি ঘোচ খাম।’ ‘গৰমেন্ট’ হ’ব হেনো এই কাৰণেই ⸺ চবেই চোন টকাবোৰ ( টেক্স-চেক্সবোৰ) গৰমেণ্টকে দিয়ে। কিমান চাগে টকা পায়!! মাকে যেতিয়া লাজত, বিস্মিত হৈ ক'লে ⸺ ‘ডাঙৰ চাকৰি কৰিবা ভাল কথা। ‘ঘোচ খাম বুলি কিয় কৈছা? ছিঃ কিয় ঘোচ

(৪১)