পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছে? ‘দুখীয়াক পুতৌ কৰিবা’ বুলিওচোন লিখিছিলো। শিক্ষকে কিবা চাবলৈ গৈছিল নে পুতৌ কৰিছোঁ নে নাই। আখৰ কেনেকুৱা হৈছে আৰু ‘খ’ হস্ৰ ‘ই কাৰ দিছোঁ নে দীৰ্ঘ ‘ই’ কাৰ দিছোঁ তাকেহে চাইছিল। সেইবোৰ লিখি শিকি অহা বোৰইচোন সময়ত ডাঙৰ মানুহ হৈছে, মন্ত্ৰী, এম্ এল্ এ হৈছে। কোনেনো কিমান সঁচা কথা কৈছে বা দুখীয়াৰ কথা ভাবিছে?

 ‘মিছাৰ সমান পাপ নাই’ কথাষাৰ জানো বুলিয়েই মিছা কথা নক’মনে আৰু! মোৰো হ'লে ভাল লাগে মিছা কৈ। কোনেনো বাৰু মিছা কথা নকয়? ৰাজ্যপালৰ মুখ্য উপদেষ্টাৰ পৰা গাখীৰত পানী মিহলাই অনা নেপালীটোলৈকে সকলোৱেই- চোন মিছা কথা কয়। নোকোৱাৰ ভিতৰত যুধিস্থিৰেহে হেনো নকৈছিল। তথাপি এদিন এটা নে আধাটা কৈছিল।

 সঁচা কথা কওঁকচোন বাৰু — সংসাৰত তিষ্টিব পাৰিব? ৰেডিঅ’ ষ্টেশ্যনত কাম কৰে আপুনি? সঁচা বাতৰি পৰিবেশন কৰক, কাইলৈকে আপোনাৰ চাকৰি শেষ। ইঞ্জিনীয়াৰে সঁচা কথা কওকচোন ক'ৰ ৰড্, ক'ৰ চিমেন্ট ক’ৰ কি কামত লগালে। কাৰ পৰা কিমান টকা লৈ কাক ঠিকা দিলে? কওকচোন! পাৰিব? কাইলৈকে নিলম্বিত। যি জনে সঁচা ক'ব পৰাকৈ কাম কৰিছে ⸺ সেইজনৰ ইমান অভাৱৰ দিনত মাত মাতিবলৈকে শক্তি নাই চাগে। আপুনি ডাক্তৰ? সঁচা কথা কওকচোন আপোনাৰ ঘৰুৱা চেম্বাৰত ষোল্ল নে বিশ টকাকৈ ফিজ্‌ লৈ দিনটো আচলতে কেইজন ৰোগী চালে। ইন্কম্টেক্সৰ ধৰোৱা তৰোৱালৰ আগত আপোনাৰ ডিঙিটো আগবঢ়াই দিয়া একে কথা। উকীল হৈ সঁচা ক’ব? ওকালতিৰ লগতে চাইদ্ বিজ্নে‌চ এটা কৰিব নোৱাৰিলে আপুনি কিন্তু নাখাই মৰিব লাগিব। ব্যৱসায়ীয়ে সঁচা কথা কবল হ’লে ব্যৱসায়ত ‘লাল বাতি’ জ্বলাই হিমালয়ৰ ফালে ধাৱমান হোৱাই ভাল। আনকি সঁচা বিদেশী বহিৰাগত, এজনক ধৰাই দিয়কচোন ⸺ পিচদিনাৰ কাহিলি কাহিলি পোহৰতে বিছনাতে

(৪০)