পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘ডিউটি’ কৰিলে – লিখা জনে ‘চাইনবৰ্ড লিখা বিজ্নেচ’ কৰিলে যথাস্থানত লগাই দিয়াজনে ওপৰৱালাৰ আদেশ মানিলে ⸺ বচ্ খেলা খটম্। এজনে দৰমহা পাবই, আনজনে পাৰিশ্ৰমিক পাবই। তাৰ পিচত অশিক্ষিত সকলৰ কথাই নাই ⸺ শিক্ষিত সকলেও, বজাৰ কৰিবলৈ যাওঁতে, চিনেমা চাবলৈ যাওঁতে, কাপোৰ কিনিবলৈ যাওঁতে বৰ ‘জৰুৰী অৱস্থা’ত সেইখনৰ তলতে বহি বা থিয় দি ‘জৰুৰী অৱস্থা’ৰ পৰা ত্ৰাণ পায়! এইবোৰত আক’ আমাৰ ভীষণ ‘ইউনিটি’। এজনে বহা আৰু অপকৰ্ম কৰা দেখিলে বাধা দিওঁতাতো নায়েই, এজন এজনকৈ বহুতেই সংক্ৰামক ব্যাধিৰ দৰে এই ‘জৰুৰী অৱস্থা’ অনুভৱ কৰি লগে ভাগে শাৰী পাতোগৈহে। তেওঁলোকৰ ‘ড্ৰেচ’ দেখি, মুখত দেশৰ ৰাজনীতি অৰ্থনীতি সাহিত্যৰ বক্তৃতা শুনি, ইংলিচ কোৱাৰ ঢং দেখি আপুনি ভাবিব পাৰিবনে যে তেওঁ ওপৰত থকা চাইনবৰ্ড খন দেখা নাই বা পঢ়িব পৰা নাই? বিবেকবান কোনোজনৰ চকুৱে ওপৰৰ চাইনবৰ্ডৰ লিখা খিনি আৰু তলৰ ‘সৰুপানী’ৰ নৈ বৈ যোৱা দেখা পালে নিজৰ চকুৰ দৃষ্টি সম্বন্ধেহে সন্দেহ হ'ব। তাত, যেন ‘ইয়াত প্ৰসাৱ নকৰিলে আইনমতে দণ্ডনীয় হ'ব’ আৰু ‘জাবৰ-জোঠৰ ইয়াতে পেলাবই’ বুলিহে লিখা আছিল।

 ‘আলোচনা চক্ৰ’ ‘কুইজ’ ‘জেনেৰেল ন’লেজ’ ক’তো ঠাই নোপোৱা এই ‘টপিক’টোৰ বিষয়ে চিন্তা কৰা বাদেই অকণমান ভাবিবলৈকে ইচ্ছা ⸺ আহৰি নাই। পিচে, অকণমান ছোৱালী এজনীৰ ডাঙৰ প্ৰশ্ন এটাইহে মোক ভাবিবলৈ বাধ্য কৰিলে। ফৰেইনত জন্ম হৈ ফৰেইনৰ পাৰিপাৰ্শ্বিকতাৰ মাজত পাঁচ বছৰীয়া হোৱা ভাগিনজনীয়ে মাকৰে সৈতে, প্ৰথম বাৰৰ বাবে নিজৰ দেশৰ মাটিত ভৰি দি উলাহত আপোন পাহৰা হ'ল। মৰমেৰে আঁকোৱালি হাতত চকলেট এটা দিওঁতে আপোন আপোন লগা হাঁহি এটা মাৰি চকলেটৰ কাগজখন এৰুৱাই দেশৰ মাটিত তাই প্ৰথম প্ৰশ্ন কৰিলে ‘হুৱেৰ ইজ্, দা ডাষ্ট্বিন?’ ডাষ্ট্বিন বিচৰা দেখি

(৩৬)