ভি চি আৰ, দামী পৰ্দা, ফ্ৰিজ কত কি। বাহিৰত দুবৰি দলিছাৰ সেউজী ‘লন'ৰ কাষে কাষে বিলাতী ফুলৰ বে’ড। সুন্দৰ পৰি- চ্ছন্ন। এই ঘৰ-বাৰী পৰিষ্কাৰ কৰোঁতে যিবোৰ জাবৰ-জোথৰ ওলায় — সকলোবোৰে ঠাই পায় ৰাজপথত। জাবৰ-জোথৰ মানে আগৰ দিনৰ দৰে অকল ধুলি-বালি আৰু অলাগতিয়াল খাচাং খুচুং বস্তুৱেই নহয়, – বাকী থকা ভাত, দাইল, মাংসৰ হাড়, মাছৰ কাঁইট – যিবোৰক ‘চুৱা’ বুলি আগেয়ে মানুহ-দুনুহ নোযোৱা আওহতীয়া ঠাইত গাঁত কৰি পেলোৱা হৈছিল। এতিয়া এই সকলো প্ৰগতিৰ পথত। বাৰী চুকৰ চুৱা পাতনি এতিয়া কাৰো ঘৰতেই নাই। গেলা-পঁচা এৰেহা চবেই এতিয়া ঠাই পাইছেহি চহৰৰ মাজ মজিয়াত। চহৰৰ পদ-পথৰ সোঁ কাষতেই দেখিব এৰেহা ভাত দাইল লেতেৰা ফটাকানি, পায়খানা, ফটা কাগজ, আদিৰ এটা বিৰাট স্তুপ। আশে-পাশে কাষৰে-পাজৰে অভিজাত্যৰ বাবে প্ৰয়োজনীয় নানা ধৰণৰ ভব্য গব্য দোকান। লগতে গাঁৱলীয়া মানুহলৈ স্বাস্থ্যনীতিৰ শিক্ষা দি লিখা কিতাপ থকা কিতাপৰ দোকান (নগৰীয়াবোৰে যেন স্বাস্থ্য ৰক্ষাৰ সকলো জানেই!) তাৰ সিপাৰেই আবৰ্জনা স্তুপৰ সন্মুখতে চাহ-মিঠাইৰ জাক জমকীয়া দোকান - য'লৈ আবৰ্জনা স্তুপৰ পৰা মাখি ম’হ বোৰে দিন-ৰাতি দুয়োটা চিফ্ টতে অবিৰাম তাত বাঁতি কাঢ়ি থাকে। সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি আমি চাহৰ দোকানত চপ্, মোগ্ লাই পৰথা দোচা খাই থাকোঁ। দেশ প্ৰগতিৰ পথত। আৱৰ্জনাৰ দায়িত্ব কাউৰী, ভিক্ষাৰী, গৰু, কুকুৰ, ম’হ আৰু মাখিকে দি আমি নিশ্চিন্তে দেও দি, দুপিয়াই খোজ কাঢ়ি ফুৰোঁ — চহৰৰ আলিবাটত। ‘ছিঃ ঘিণ লাগে’ বুলি মাজে মাজে ওক্ আক্ কৰি— আক’উ নিজৰ পৰা এহাত আঁতৰলৈ থুৱাই দিওঁ।
কৰ্ত্তৃপক্ষই ডাঙৰ ডাঙৰ আখৰেৰে একোখন ‘চাইন ব’ৰ্ড’ লিখাইছে ‘ইয়াত জাবৰ আদি পেলালে আইন মতে দণ্ডনীয় হ’ব।' ‘ইয়াত প্ৰসাৱ কৰা নিষেধ!’ লিখিবলৈ দিয়াজনে অফিচৰ
(৩৫)