পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই কিয় বুলি সোধাত, তাই হাতত লৈ থকা চক্ লেটৰ সৰু কাগজখন দেখুৱাই সেইখন পেলাব বুলি ক'লে। মাকে ইতস্ততঃ কৰা দেখি কাগজখন লৈ মই আলিবাটৰ দাঁতিলৈ পেলাই দিলোঁ⸺। ‘উলঙ্গ দেশত বাৰু কাম কি ধোবাৰ?” অকণমানী জনীৰ হাতত ধৰি গাড়ীলৈ আগবঢ়াই আনোতে তাই অবাক নীলা চকুজোৰ ডাঙৰ ডাঙৰ কৈ মেলি এবাৰ মোলৈ এবাৰ মাটিৰ কাগজ টুকুৰালৈ চাই চাই মাকক সুধিলে - ‘ইজ্ ট মাম্মী! হোৱল ইণ্ডিয়া ইজ্ আ ডাষ্ট্বিন?’


‘মানুহ মৰে কৈ’


 দুটা কথা বোলে সোধাতো অভদ্ৰতা। পুৰুষৰ (আজিকালি তিৰোতাৰো) ⸺ তাৰমানে চাকৰিয়ালৰ দৰমহা আৰু মহিলাৰ বয়স। অৱশ্যে দুয়োটাই সুধিও লাভ নাই। কোনোটোৰে সঁচা উত্তৰ আপুনি নাপায়।

 কিন্তু নিজৰ অসতৰ্ক মুখৰতা আৰু মূৰ্খতাব বাবেই দুয়োটাৰে সঠিক উত্তৰ কেতিয়াবা নিজে নিজেই ওলাই পৰে। বিশেষকৈ স্ত্ৰীসকলৰ শ্ৰীমুখৰ পৰাই।

 মোৰ এজনী বান্ধবীয়ে তেওঁলোকৰ আটক-ধুনীয়া ড্ৰইং ৰূমৰ দামী কাৰ্পেটৰ ওপৰৰ দামী চ’ফাত বহুৱাই লৈ এদিন মোক ক’লে : ‘জানা, আমাৰ ‘এওঁ’ আক’ আনবোৰৰ দৰে নহয়। এটা বাহিৰা পয়ছাও তেওঁ কেতিয়াও নাখায়। সেই কাৰণেহে-এই অৱস্থা! কোনোমতে মাটি তিনি কঠা লৈ দুবছৰৰ আগতে ঘৰটো সাজি ল'লো বুলিহে। মাটি ডোখৰো আক’ যথেষ্ট কমতে

(৩৭)