পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবে সজাই থোৱা জাবৰ-জোথৰৰ দ’মবোৰ আলিবাটৰ বৰষুণৰ পানীৰে সৈতে আহি সম্মিলিত হৈছেহি আৰু সকলোৱে সম্প্ৰীতিৰে নাচি-বাগি আপোনাৰ বাৰান্দালৈকে বুলি আহি আছে। ‘কিনো কৰা হয়' সোধোঁ বুলি ইটো কোঠালৈ ভুমুকিয়াই চাওঁতেই চকুত পৰিব আপোনাৰ স্বামীয়ে তক্তা, মেজ-চকিৰ ওপৰেদি বগাই বগাই বস্তু বাহানিবোৰ যিমান পাৰে ওপৰলৈ উঠাইছে। আপোনাক দেখা পায়ে তেখেতৰ খংটো বাষ্ট কৰি গ'ল। ৰঙা পৰা মুখখনেৰে ভাতৰ কাৰণে অফিচলৈ পলম হ’ব পাৰে কাৰণে আপোনাক গুৱাল গালি পাৰিলে, যেন আপুনিহে ইন্দ্ৰদেৱতা হৈ পানীৰ প্লাৱন নমাইছে আৰু আপুনিহে যেন নিগমৰ হৰ্ত্তা-কৰ্ত্তা-বিধাতা হৈ আলিবাটৰ জাবৰ-জোথৰ গেলা-পচাবোৰক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিছে। নৰ্দমাৰ গেলা পানীবোৰ ক’ৰবালৈ গুচি যায় বুলি পৌৰ নিগমে বন্ধ কৰি ৰাখে আৰু জাবৰ-জোথৰবোৰক হয়তো ভাল দেখক বুলিয়েই বাটৰ দাঁতিত দ’ম কৰি ৰাখে। বহুত দিন হোৱা বাবে সেইবোৰৰ ৰৈ থাকি আমনি লাগি ছাগে বৰষুণৰ সুবিধাটো পাই নিজে নিজে গুছি আহিছে কাষৰ ঘৰ-বোৰলৈকে। আপুনিনো কৰিব কি? এতিয়াও আপুনি হাঁহে কেনেকৈ কওকচোন?

 বেজবৰুৱাই বেয়া পাব পাৰে বুলি যদি ‘হাঁহিব জানে’ বুলি দেখুৱাব খোজে, তেনেহলে কিছুদিন ৰওক। নিৰ্বাচনৰ বতৰ আকৌ আহিব। তেতিয়া দেশদ্ৰোহীক দেশ-সেৱক হোৱা দেখি — ঘোচখোৰক সবিনয়ে দেশৰ মঙ্গলৰ কাৰণে কন্দা দেখি দলীয় নেতাসকলৰ দল বাগৰা নাচবোৰ দেখি ⸺মুঠতে দেশৰ হিতৰ কাৰণে ইম নবোৰ নেতা,পালিনেতা ওলোৱা দেখি খন্তেকৰ বাবে , হ’লেও আপোনাৰ মুখত হাঁহি বিৰঙিব। হাঁহিব যে অলপ জানে অসমীয়াই তেতিয়াই দেখুৱাই দিব পাৰিব।

(২৭)