ৰদালিএ ৰ'দ দে
যোৱা ডিচেম্বৰত এদিনতে চাৰিটাকৈ জোকাৰ মাৰি ত্ৰাসৰ সৃষ্টি কৰা ভূমিকম্পই গুৱাহাটীখন ‘হিল-ষ্টেশ্যন’ কৰি জাৰ পেলোৱা বুলি কোৱা কথাৰ প্ৰতিবাদতেই নেকি - গ্ৰীষ্ম সোমোৱাৰ লগে লগেই সূৰ্য দেৱতাই পুৱা হ’বলৈহে বাট চাই থাকে। পোহৰি পোহৰি হোৱাৰ লগে লগেই তেওঁৰ আটাইকেইটা বেটেৰী ‘ফুল চাৰ্জ’ত দি নীলা আকাশখনত ৰঙা ৰথখন চলাই দিয়ে। উৎকাট গৰমৰ টেপাত গা-ৰ জোল ব’ই যায়। দেহা ছাটি-ফুটি কৰে। গৰম, বতাহ — গৰম ধূলি — গৰম আলি — গৰম পদূলি — আন্কি মানুহবোৰও গৰম।
গৰম বুলি আৰু কামে - কাজে, বজাৰে-সমাৰে নোলোৱাকৈ থাকে কেনেকৈ? ওলাবই লাগে। কেইবাবাৰে গা ধুলেও ( সেয়াও আক’ পৌৰ নিগমৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি নিজা ব্যৱস্থা থাকিলেহে সম্ভৱ ) বাট পাওঁতে নাপাওঁতেই ঘামে সৰ্ব-শৰীৰ তিয়াই ছপ্ছপীয়া কৰে। এই গৰমত বাটত কোনোবাই ‘ভাল নে?’ বুলি সুধিলেও কিবাচোন খং উঠে। সোধোঁতা জনৰ যেনেকৈ হাঁহিটো আৰু শব্দটো আধাহে ওলায়, ‘আছোঁ আৰু’ বুলি কোৱাজনৰো ওঁঠটো কোনমতেহে বেঁকা হয়। ৰ'দ-খিনিলৈ চোৱাৰ সাহ নাই বাবে পোন্দোৱাকৈ ৰ’দ পৰি থকা বাটটোলৈকে চাই আপোনাৰ খং উঠি যাবই। খং যে কাৰ ওপৰত উঠিছে — আপুনিও নাজানে। দৃশ্য - অদৃশ্য সকলোৰে ওপৰত। গছবোৰেও দেখিব অকণমানো ইকাটি সিকাটি নকৰাকৈ — পাত এটিও নলৰোৱাকৈ বৰ সাৱধানে থম্ থম্ মদন গোপাল হৈ বহি আছে। বতাহ বোলা বস্তুটো ‘চকুৰে নেদেখোঁ কিন্তু আছে বুলি
( ২৮ )