পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলেজীয়া ভাত ৰান্ধি। কিতাপকে অলপ পঢ়ি থাকিবলৈ ক'বলৈও ক্লাচ আৰম্ভ হোৱাটোৰতো পাঠ্যপুথি বজাৰলৈ অহাই নাই,পৰীক্ষা শেষ হোৱাটোৰো বোলে দুখনমান আহিয়েই নাপালেহি। কৰে কি? অসমীয়া মাধ্যমত পঢ়া কেইটাই কমিক্চ বৰকৈ নপঢ়ে। ভাল নাপায় হেনো। ( ভালেই হৈছে! ইংৰাজী মাধ্যমৰ কেইটাই ঢঙতে নে কিহতে কমিক্‌চ কিনি দেউলীয়া কৰে)। পিছে আপুনি জানো ককাদেউতা নাতি ল’ৰা বা বুঢ়ী আইৰ সাধু ধৰণৰ কিতাপ আনি দিছে? বজাৰতে বা আছে কেইখন অসমীয়া সাধু কিতাপ? গৰম - খং সকলো মিলি আপোনাৰ গা বিজ্ বিজাই যোৱা নাইনে? গা-টোকে ধুই গা-মন জুৰ লগাই লওঁ বুলিলেও জানো পাৰিব। গা-ধোৱা ঘৰত সোমাই দেখিব - ৰাতিপুৱাই পৌৰ নিগমৰ কৃপাত চেলাইনৰ বটলৰ পৰা চেলাইন অহাদি অহা পানীৰ সোঁতত আপোনাৰ ৰিজাৰ্ভাৰ, টেপ্ সকলো শুকাই খৰখৰীয়া মাৰি আছে। এতিয়া খংটো উলিয়াই পঠাই ক'লৈ? মনৰ খং মনতে মাৰ নিয়াব নালাগিলনে বাৰু? খঙত কপালত হোৱা খোপাটো হাতেৰে সমান কৰি ল’বলৈ চেষ্টা কৰিলেও হাঁহি ওলাবনে অপোনাৰ মুখৰপৰা?

 বতৰে বৰণ সলোৱা দেখি ভাল পাইছে? ভাল লাগিবই। এই অসহ্য় গৰমত এজাক-দুজাকমান বৰষুণ আহিলে ভালেই। ক’লা কৰি অনা আকাশখনে ৰাতিটোতে দুজাকমান কলহৰ কাণে ঢালিলেই। ৰাতিটো জুৰ পৰাত ভালকৈ টোপনি অহাত পুৱা স্বস্তিৰে অকণমান হাঁহিব খুজিছে? কিন্তু শুই উঠি মাটিত ভৰি দিয়াৰ উপায় নেদেখি হাঁহিবলৈ শিঠিল কৰা ওঁঠ দুটা আকৌ টানকৈ জাপ খাই গৈছে। দেখিব আপোনাৰ ঘৰলৈ নিমন্ত্ৰিত লোকৰ দৰে পানীৰ নিছিগা সোঁত। অকল পানীয়েই নে? বস্তুবোৰ যিমান পাৰে উঠাই চোতাললৈ ভুমুকিয়ালেও চোতাল নেদেখে। একাঠু পানীৰ চোতালত দেখিব কাষৰ নৰ্দমাৰ গেলা পানী আৰু পৌৰ নিগমে মহানগৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ

(২৬)