পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হাঁহো — কেনেকৈ, কেতিয়া কওকচোন! আপুনি পাৰিব অন্যবোৰ বাদু দিও-ধৰক টেক্ টেক্ কৈ ৰ’দ দিছে — গৰমত আপোনাৰ সৰ্বাঙ্গ সিজি গৈছে – চাৰিওফালৰপৰা ওখ ডাঙৰ পকা দেৱালেৰে হেঁচি ধৰা আপোনাৰ ঘৰত ফেন চলিলেও গৰম গৰম বন্ধ বতাহ বিয়পিছে আৰু আপুনি ইছাটি-বিছাটি কৰি হ’লেও দুপৰীয়া ফেনৰ তলৰ পকা মজিয়াখনতে অকনমান কাতি হৈছে — দেখিব ঘৰৰ কাষৰ খেলিবলৈ অকণমানো ঠাই নথকা পাঁচ ফুটৰ অহা-যোৱা কৰা বাটটোতে ল’ৰা কেইটামান গোট খাই ফুটবল খেলিছে। অনবৰত গাড়ী-ট্ৰাকৰ বেপেৰুৱা হৰ্ণ হুলস্থুল শুনি শুনি চিঞৰ বাখৰত বাৰু অভ্যস্ত হৈ গৈছে। কিন্তু যেতিয়া ব’লটো আহি আপোনাৰ খিৰিকীৰ আইনাত পৰিব আপুনি খঙত টিকচি-বিকচি নুঠিবনে? উঠিলেই যেনিবা, খং কৰিব কাক? ল'ৰাহঁত ইতিমধ্যে দৌৰ মাৰিছে। থকা হ'লেও দেখিলহেঁতেন এটা আপোনাৰে ল'ৰা, এটা আপোনাৰ ককায়েকৰ, এটা প্ৰতি-বেশীৰ আৰু এটা সিহঁতৰ বন্ধু। পৰীক্ষা শেষ হৈছে দিনটো কৰিব কি? ল’ৰা মানুহ খেলিবলৈ বিচাৰিবই। কিন্তু খেলিবলৈ জানো ঘৰৰ আগত চোতাল বা পদূলি বোলা কিবা অকণ আছে? ফুটপাথলৈকে ভাৰা ঘৰেই সজাইছে দেখোন সকলোৱে। চুবুৰীত পাৰ্ক এখনো নাথাকে। সেইবোৰৰ কাৰণে—টকা নহা কাম-বোৰৰ কাৰণে মাটি আক’ দিব কোনে? দূৰৰ খেল পথাৰখনতো এতিয়া চাগৈ ধোবাৰ কাপোৰে ঢোৱাই আছে। খেলে ক’ত? খংটো তাতেই শেষ কৰি প্ৰকাশ কৰিব নোৱাৰি ভিতৰত সুমুৱাই থ’লে যেনিবা। সেই বুলি হাঁহি ওলাব ক'ৰপৰা?

 স্কুলৰ পৰীক্ষা শেষ হৈছে। সেইবুলি জানো ল'ৰা-ছোৱালী কেইটা লৈ এবাৰ মাকৰ ঘৰৰপৰা আহিবগৈ পাৰিছে? অন্য সমস্যা এৰিও, ল’ৰা-ছোৱালীৰে এটাৰ যদি শেষ হৈছে বছৰেকীয়া এটাৰ বোলে ছমহীয়া নে ক্লাচ টেষ্ট কিবা এটাহে হৈছিল। এটাৰ আক’ পূৰাদমে ক্লাচ হৈছেহে থাকক এতিয়া বাৰমাহে স্কুলীয়া

(২৫)