গপ অহঙ্কাৰ নাই। কিমান ঘৰুৱা ভাৱে হুলস্থূলকৈ ভিতৰলৈ সোমাই আহিছে! ঘৰত বস্তুৰ উভৈনদী, বাহিৰৰ পৰা অনা কুক, তেওঁলোকৰ — কিমান ভাল ভাল ৰান্ধে! তথাপি আমাৰ ৰন্ধা- বোৰ কেনেকৈ প্ৰশংসা কৰিলে দেখিলি? বৰ কালচাৰ্ড মানুহ, কোনো ফৰ্মেলিটিও নাই, জান? সেইকাৰণেই মোৰ বেছি ভাল লাগে। দুপৰীয়া-চুপৰীয়া, সময়-অসময় একো নাই - আহিবৰ মন গ'লেই আহি যায়।
....তাৰমানে ডাঙৰ (ধনী?) মানুহ হ'লে ফৰ্মেলিটি নথকা সৰল মানুহ আৰু সাধাৰণ মানুহ হলে ‘খাবলৈ নাপাই অহা’! .....তললৈ মু-কৰি বাকী থকা বস্তুখিনিৰেই খাবলৈ ললোঁ। মাহীদেৱে তেতিয়াও খালি ‘দিচ্’খন সমুখত লৈ এমোকৰা সন্তোষৰ হাঁহিৰে বহি আছে। ভোক আৰু বস্তুৰ পৰিমাণ কমি যোৱাৰ ভাৱনাও নিশ্চয় শেষ হৈ গ'ল। কেপ্তেইন ভাৰ্গিছ, মেজৰ ইদ্নানী আৰু মিচেছ কাকতীহঁতৰ নিচিনা মানুহৰ পদাৰ্পণ আৰু প্ৰশংসাৰ পাছত মাহীদেউৰ ভোক বা বিৰক্তি থাকিব কিয়?
হাঁহক, নাহাঁহিব কিয়?
ৰসৰাজ বেজবৰুৱাই নে কোনে জানো কৈছিল বোলে ‘অসমীয়া মানুহে হাঁহিব নাজানে।’ সঁচাকৈয়ে বাৰু আচলতে হাঁহিব নাজানে নে হাঁহিব নোৱাৰে? হাঁহিয়ে স্বাস্থ্য ভাল কৰে বুলি তো আমিও জানো। গোমোঠা মুখ আমিও ভাল নাপাও। কিন্তু হাঁহিব জানিলেওঁ, হাঁহিব খুজিলেও, আমি জানো হাঁহিবলৈ পাওঁ?
(২৪)