পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক’লো - মহাদেউ হে নেকি!’ — নহয় অ’ মহাৰে আজি বাহিৰতে লান্স কৰিব। আহিল আকৌ কোনোবা মৰা এটা এই অসময়ত। কাঞ্চাই দুৱাৰ মেলি দিয়াৰ লগে লগেই সোমাই অহা জনে ড্ৰইং ৰূমৰ পৰ্দাখন দাঙি ডাইনিং ৰূমলৈ ভুমুকিয়াই আধাভঙা যেন মাতটোৰে চিঞৰি উঠিল — ‘হেল্লো’ উই আৰ ইন দা ৰাইট্, টাইম — ইজ্ নট্, ইট্, মিচেছ্, বাৰুৱা! চান্ ডে স্পেচিয়েল মেনুত বহুত আইটেম্ দেখিছোঁ। আমিও টেষ্ট কৰি যাম কিন্তু। কথাখিনিৰ লগে লগে ডাইনিং ৰূমলৈ ‘কাহি দিম’ যেন লগা মাতটোৰ গৰাকী মিচেছ কাকতি, কেপ্তেইন্ ভাৰ্গিছ, মেজৰ ইদ্নানী, মিচেছ ইদ্নানী, মিষ্টাৰ কাকতি, জীয়েক, পুতেক, এসোপা সোমাই আহিল। হাঁহি হাঁহি চবেই মেজৰ পৰা ভজা মাছ, কণী, বেঙেনা ভজা, চপ তুলি তুলি মুখত দিলে। ভয়ে ভয়ে মই মাহীদেউৰ মুখলৈ চালোঁ। আনন্দত উজ্জ্বল হৈ উঠা মাহীদেউৰ মুখখন দেখি সকাহ পালো। নাই, খং বিৰক্তি নাই মুখত। হাতত প্লেট লৈ সকলোৰে আগলৈ আগবঢ়াই আগবঢ়াই দিছে। ‘ইম্মান টেষ্টফুল হৈছে’ ‘ফান্ টাষ্টিক’ ‘মাৰ্ভেলাচ’ জাতীয় প্ৰশংসাৰে

সকলোৱে তুলি তুলি লৈ খাইছে। মন্ মীয়ে ফ্ৰিজৰ পৰা উলিয়াই চকলেট পুডিংও দিলে। আৰু নাযায় বুলি ক'লে। বেচ হুল-স্থুল কৰি দুই আঢ়ৈমান বজাত তেওঁলোক যোৱাৰ পিচত খোৱা মেজলৈ ঘূৰি আহি আমি বহিলো। ‘আইটেম’ৰ পৰিমাণ দেখি সভয়ে আৰু সতৰ্কতাৰে মাহীদেউলৈ অপেক্ষা কৰিলোঁ। এতিয়াহে চাগৈ বিস্ফোৰণ ঘটিব। মাইদেৱে হাঁহি সম্ভাষণ জনোৱা মানুহ-খিনিক ‘খাবলৈ নোপোৱা’ জাতীয় কিবা গালিৰে বিভূষিত কৰিব চাগে এতিয়া। কাণ উনায়েই আছোঁ।...... গাড়ীখন যোৱাৰ পিচত মাহীদেউ খোৱা মেজলৈ উভটি আহিল। খোৱা বস্তুৰ পৰিমাণলৈ লক্ষ্য নকৰি কৈ গ'ল ‘বুজিছ জান্ টি! কেপ্তেইন ভাৰ্গিছ, মেজৰ ইদ্ নানী আৰু কাক্তিহত অসম্ভৱ ভাল আৰু সৰল মানুহ—। দেখিলি নহয় - ইমান ডাঙৰ মানুহ হৈয়ো অকনো

(২৩)