চিৰকাল স্বাক্ষৰ বহন কৰিব — পাপ আৰু পৰাজয়ৰ। এইবোৰ নাৰীৰ লীলা-খেলাই ‘পুতনা’ বা ‘সুপৰ্ণখা’ৰ কথাহে মনত পেলায় — যাক আমি নাৰীৰ শাৰীত ঠাই নিদিওঁ। এই শ্ৰেণীৰ নাৰীয়ে নাৰী বুলিয়ে যদি মমতাময়ী মাতৃ ৰূপৰ গৌৰৱ ল’ব খোজে — তেতিয়া সমগ্ৰ নাৰী সমাজ লজ্জাবনত হৈ নপৰিবনে? যি নাৰী হৃদয়ত মমতাৰ কণা মাত্ৰ নাই — যাৰ অৱচেতন মনত নিৰীহ শিশু কিশোৰৰ অবোধ অসহায় চাৱনিয়ে আমনি নকৰে— যাৰ বিবেকক পুত্ৰহাৰা মাতৃৰ, স্বামী হাৰা পত্নীৰ, ভাতৃহাৰা ভগ্নীৰ আকুল ক্ৰন্দনে, নিৰৱ চকুলোৱে দংশন নকৰে, তেওঁ কেনেকৈ নিজকে নাৰী বুলি ‘মা’ বুলি দাবী কৰিব পাৰে?
ছলনাময়ী — তোমাৰেই নাম নাৰী বুলি বহুতে আমাক বিদ্ৰূপৰ উপেক্ষা বাণ মাৰে, কাৰণ আমাৰ নাৰী কিছুমানেই সেই সুবিধা দিছে। ‘হিংস্ৰ নাৰী হিংস্ৰ বাঘিনীতকৈও ভয়ঙ্কৰ’ বুলি আমাক দিয়া অপযশ খিনিয়ে আমাৰ নাৰীসকলৰ বিবেক বুদ্ধিক পশুৰ শাৰীলৈ নমোৱা নাইনে? অথচ জ্বলন্ত দৃষ্টান্ত থকা বাবেই এতিয়া সজোৰে প্ৰতিবাদ কৰিবও নোৱাৰা হ’লো। নিজৰ বেঁকা মুখৰ বাবে দাপোনক চাৰি লাঠি মাৰি লাভ কি?
পিছে, এমুঠি বিবেকহীনা, হৃদয়হীনা স্বাৰ্থপৰ নাৰীৰ সংকীৰ্ণ আৰু পশ্চাদঘাতী কাৰ্যৰ বাবেই এতিয়া আমি সমগ্ৰ নাৰী সমাজে সেই বৈদিক যুগৰে পৰা থকা আমাৰ স্বাভাৱিক কোমলতাৰ মাধুৰীমা — মমতাময়ী মাতৃৰ গৰিমাৰে উজ্জল আৰু উচ্চ আসনখন হেৰাবলৈ দিম নে? আজি আৰু কোনো সচেতন নাৰীয়ে নাৰীৰ মৰ্যদা আৰু সামাজিক প্ৰতিস্থাৰ খুটি লৰিবলৈ দিবৰ বাবে সন্মত নহয়। মাতৃজাতিৰ নামত কালিমা সনা কোনো নাৰীকে আজি আমাৰ সচেতন আৰু মৰ্যদা সম্পন্ন নাৰীয়ে ক্ষমা নকৰে আৰু
নাৰীৰ সন্মানো নিদিয়ে।
(১৮)