পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুচৰি গ'ল। নিস্পাপ শিশু, কোমল কিশোৰ-কিশোৰী, যৌৱন- দীপ্ত যুৱক-যুৱতী, বয়সেৰে সমৃদ্ধ বৃদ্ধ-বৃদ্ধা সকলোৰে দেহ-মন গছকি– খছকি কোমল দেহৰ তপত তেজৰ ডোঙা দিঙিয়াই পাৰ হৈ গ'ল দেশ সেৱাৰ নিৰ্বাচন খেলিবলৈ। কিছুমান নাৰীয়ে স্বামী, পুত্ৰ, ককাই, ভাইকে সেই তেজ ৰাঙলী পথ গছকি যাবলৈ বিনা দ্বিধাই আগবঢ়াই দিলে। ৰাইজৰ সেৱা কৰিবলৈ। পিছে, কাৰ সেৱা কৰে বা এতিয়া? ৰাইজ দেখোন তেওঁলোকৰে পিহনিত পিহন খাই মৃত আৰু অৰ্দ্ধমৃত। অৱশ্যে আজিকালি ‘ফৰেইন্‌’ বস্তুৰ য’তে ত'তে বিশেষ আদৰ। সেয়ে জনসাধাৰণো ফৰেইনৰ হ’লে বেছিহে ভাল লাগে ছাগে। এতিয়া এই কাঁহ পৰি জীন যোৱা অৱস্থাৰ অসমভূমিত চাৰিওদিশে মৃত, মৃতপ্ৰায়, ঘূনীয়া ৰুগীয়া জনগণৰ যন্ত্ৰনাকাতৰ সমবেত আৰ্তস্বৰত হঠাতে তাহানিৰ বেজবৰুৱাৰ কবিতাটো বতাহত বিয়পি যোৱা যেন লাগিল —

কিনো ক’লা? অসমীয়া ভাই!
অসমীয়াক কি লাগে নাজানে অসমীয়াই?
অসমীয়াক লফা শাক নে মগুৰ আঞ্জা লাগে
অসমীয়াই ভু নাপায় – বিদেশীয়েহে বুজে।
যোৱা, গুছা, তোমাৰ কথাৰ
 ভেদ পলো মই
ভোটৰ বেলিকা বিদেশীজন
 অসমীয়া হয়।”......

 ধৰাশায়ী, শয্যাশায়ী, ভস্মীভুত ঘৰ-বাৰী তেজৰ চেকুৰা, ধ্বংসস্তুপৰ মাজতে অনুকূল পৰিবেশ ভাবি তথাকথিত দেশ-প্ৰেমিক প্ৰেমিকাই ‘ভাষণ দিবই। কি ভয়ানক দেশপ্ৰেম!!

 শ্ৰীকৃষ্ণ গোঁসায়ে অৰ্জুনক সমৰ ক্ষেত্ৰত শুনোৱা অমোঘবাণীৰ দৰে কোনোবা গোসানীৰ অভয়বাণীয়েও পিচে, তেওঁলোকৰ মনত লাগি ৰোৱা পাপৰ কৰালবোৰ, হাতত লাগি বোৱা তেজৰ

চেকুৰাবোৰ ধুই মুছি নিকা কৰি দিব নোৱাৰে। এই ঢেকাই

(১৭)